অসম

শ্বেখ শ্বাস আলমৰ সাম্প্ৰদায়িক মন্তব্য সৰ্বত্ৰে প্ৰতিক্ৰিয়া, নলবাৰীৰ সাত গৰাকী ব্যক্তিয়ে দিলে এজাহাৰ 

প্ৰথম খবৰ, নলবাৰী: যোৱা দেওবাৰে গোৱালপাৰা জিলাৰ পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ চুনাৰী আৰক্ষী থানাৰ অন্তৰ্গত চুনাৰী হাইস্কুল খেল পথাৰত এ আই ইউ ডি এফ দলৰ উদ্যোগত এন আৰ চি সন্দৰ্ভত হোৱা সভাত পশ্চিম গোৱালপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা এ আই ইউ ডি এফ দলৰ নেতা শ্বেখ শ্বাস আলমে উগ্ৰ সাম্প্ৰদায়িক মন্তব্য সংবাদ মাধ্যম যোগে প্ৰকাশ কৰিছে। প্ৰাক্তন বিধায়ক আলমৰ এনে মন্তব্যই অসমত হিন্দু -মুছলমানৰ যি ঐক্য -সম্প্ৰীতি তাক বিনষ্ট কৰাৰ লগতে সাতামপুৰুষীয়া মিলনত ভাঙোন অনাৰ আশংকাই দেখা দিছে।

এন আৰ চিৰ দৰে এটা গুৰুত্বপূৰ্ণ বিষয়ৰ কাম কাজ চলি থকাৰ সময়তেই বহুবল্কী বিধায়ক আলমে এনে সাম্প্ৰদায়িক মন্তব্য দি ৰাজ্য খন অগ্নিগৰ্ভা কৰাত উদগনি দিছে। তদুপৰি ধৰ্মনিৰপেক্ষ দেশৰ সংবিধানত আঘাট হনাৰ লগতে মহাপুৰুষ শংকৰদেৱ – আজান ফকীৰৰ ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টিৰ বাতাবৰণ কৰাৰ বাবে বিধায়ক গৰাকীৰ ভয়ানক বক্তব্য এয়া। এনে ক্ষেত্ৰত সমগ্ৰ অসমৰ লগতে নলবাৰীটো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।যাৰ ফলত নলবাৰীৰ নাগৰিক তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা উপদেষ্টা ব্ৰজেন চৌধুৰী, সাংবাদিক ব্ৰজেন তালুকদাৰ, সুভাষ ডেকা, এম মহিবৰ ৰহমান, নাগৰিক মঃ ছাইদুল ইছলাম, দিগন্ত মিশ্ৰ,নৱজিৎ তালুকদাৰে বিধায়ক আলমৰ সাম্প্ৰদায়িক তথা স্পৰ্শকাতৰ বিষয়টোলৈ আজি সন্ধিয়া নলবাৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰে আৰু তেওঁলোকে শীঘ্ৰে শ্বেখ শ্বাস আলমক গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাই।

Related Articles

Leave a Reply

Close