অসম

সুলভ মূল্যত আলুবীজ যোগানৰ ব্যৱস্থা

নগাঁৱৰপৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: কৃষক সকলক আলুবীজ সুলভ মূল্যত দিয়াৰ ব্যৱস্থা কৰিছে নগাঁৱৰ এটা কৃষি উৎপাদক সন্থাই। নগাঁৱৰ শংকৰ আজান এগ্ৰ’ প্ৰডিউচাৰ কোম্পানী লিমিটেড নামৰ কৃষি উৎপাদক সন্থাটোৱে চলিত বৰ্ষত কৃষক ৰাইজৰ মাজত সুলভ মূল্যত আলুবীজ দিয়াৰ পদক্ষেপ ইতিমধ্যে আৰম্ভ কৰিছে।

কেন্দ্ৰীয় আলু গবেষনা প্ৰতিষ্ঠান সিদ্ধি বিনায়ক এগ্ৰি প্ৰছেছিং প্ৰাইভেট লিমিটেডৰ প্ৰমানিত আৰু উন্নত মানৰ আলু বীজ কৃষি উৎপাদক সন্থাটোৱে সুলভ মূল্যত কৃষকক যোগান ধৰিছে। বজাৰ মূল্যতকৈ কম মূল্যত কৃষি উৎপাদক সন্থাটোৱে আলুবীজ যোগান ধৰিছে। এই প্ৰমানিত আলুবীজ ক্ৰয়ৰ বাবে ৮১৩৫৩৪১৮৪০, ৯৪৩৫১২২৭৭৯,৯৪০১০৯১২১২ নম্বৰত যোগাযোগ কৰিবলৈ সন্থাটোৱে কৃষক ৰাইজক আহ্বান জনাইছে।
আনহাতে একাংশ ব্যৱসায়ীয়ে বিভিন্ন শীতলী কৰন ভৱনত ৰখা গ্ৰেডিং কৰি সৰু চাইজৰ আলুবীজ হিচাপে কৃষকৰ মাজত বিক্ৰী কৰি কৃষকক মাধমাৰ শোধোৱাৰ অভিযোগ উঠিছে। এনে আলুবীজৰ উৎপাদন ক্ষমতা কম বুলি জানিব পৰা গৈছে। কৃষকক এনে ব্যৱসায়ীৰ পৰা সতৰ্ক হৈ থাকিবলৈ সচেতন কৃষকে আহ্বান জনায়।

 

Related Articles

Leave a Reply

Close