অসমশীৰ্ষ

হোটেল ৰেডিচন ব্লুত জি এচ টি পৰিষদৰ মূল বৈঠক

নিউজ ডেস্ক, প্ৰথম খবৰ: বিত্তমন্ত্ৰী অৰুণ জেটলীৰ অধ্যক্ষতাত হোটেল ৰেডিচন ব্লুত জি এচ টি পৰিষদৰ মূল বৈঠকখন অনুষ্ঠিত কৰা হৈছে। এই বৈঠকত প্ৰায় সকলো ৰাজ্যৰ বিত্তমন্ত্ৰী উপস্থিত আছে। কেৱল উপস্থিত নাই পশ্চিমবংগ, গুজৰাটৰ বিত্তমন্ত্ৰী।

প্ৰাপ্ত তথ্য মতে, এই বৈঠকত হিমাচল প্ৰদেশৰ বিত্তমন্ত্ৰীও উপস্থিত নাথাকে। উপস্থিত থাকিব বৈঠকত মণিপুৰ, দিল্লীৰ উপমুখ্যমন্ত্ৰী। অৰুণ জেটলিয়ে বৈঠকত গ্ৰহণ কৰা সীদ্ধান্তৰ বিষয়ে ৬ বজাত সংবাদমেল যোগে সদৰী কৰিব।

এই বৈঠকত কুটীৰ শিল্প আৰু হস্তশিল্পৰ জি এচ টি প্ৰত্যাহাৰৰ প্ৰস্তাৱৰো সম্ভাৱনা আছে। এই প্ৰস্তাৱ দিব পাৰে পুডুচেৰী, দিল্লী আৰু ওড়িশাই।

Related Articles

Leave a Reply

Close