অসম

৩১ ডিচেম্বৰৰ ভিতৰত এন আৰ চিৰ খচৰা প্ৰকাশৰ দাবীত কৃষক মুক্তিৰ অৱস্থান ধৰ্মঘট

নগাঁৱৰপৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চিৰ খচৰা ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশ কৰাৰ দাবীত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিয়ে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। অৱস্থান ধৰ্মঘট কাৰী সকলে বিভিন্ন ধ্বনি দি পৰিস্থিতি উত্তাল কৰি তোলে।

অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশ গ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্ব‌ই এন আৰ চিৰ খচৰা তালিকা প্ৰকাশত একাংশ অশুভ শক্তিয়ে বিধিপঠালি দিয়া কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনায় আৰু এই ক্ষেত্ৰত চৰকাৰক ব্যৱস্থা ল’বলৈ দাবী জনায়। ধৰ্মঘট কাৰী সকলে নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙলৈ প্ৰৰণ কৰা স্মাৰক পত্ৰত ৩১ ডিচেম্বৰৰ ভিতৰত এন আৰ চিৰ খচৰা প্ৰকাশ কৰাৰ দাবী জনায়। অন্যথা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যজুৰি ব্যাপক আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে।

Related Articles

Leave a Reply

Close