অসম

ৰঙিয়াত বিজেপিৰ কলাধন বিৰোধী দিৱস

প্ৰথম খবৰ, ৰঙিয়া: সমগ্র দেশৰ লগতে ৰঙিয়াতো ভাৰতীয় জনতা পাৰ্টিৰ ৰঙিয়া নগৰ মণ্ডল আৰু ব্লক মণ্ডলৰ উদ্যোগত আজি ৰঙিয়া মুৰাৰাৰ দলৰ মুখ্য কাৰ্যালয়ৰ পৰা ৰঙিয়া চহৰৰ সোমাজেৰে কলাধন বিৰোধী দিৱসৰ অংশ হিচাপে সমদল উলিয়ায়। সমদলকাৰীসকলে কলাধনৰ গৰাকী হুচিয়াৰ, বিমুদ্ৰাকৰণ কৰা বিজেপি দল জিন্দাবাদ, ভাৰত মাতাকী জয়, আদি শ্ল’গানেৰে ৰঙিয়া চহৰৰ উত্তাল কৰি তোলে। এই কলাধন বিৰোধী দিৱসত অংশ গ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ সদস্যা সুৰভি লহকৰ, ব্লক মণ্ডলৰ সভাপতি শিশিৰ ভাগৱতী, উত্তৰ কামৰূপ জিলাৰ সম্পাদক সুবল পাল, ৰঙিয়া নগৰ মণ্ডলৰ সাধাৰণ সম্পাদক উত্তম পাল, প্ৰাক্তন সভাপতি ৰঙিয়া ব্লক মণ্ডলৰ সমীৰ দাস, ৰঙিয়া নগৰ সংখ্যালঘু মৰ্চাৰ সভাপতি মমতাজুদ্দিন আহমেদ, ৰঙিয়া ব্লক সংখ্যালঘু যুৱ মৰ্চাৰ সভাপতি চাহিল আহমেদকে ধৰি শতাধিক দলীয় কৰ্মীয়ে।

Related Articles

Leave a Reply

Close