অসম

ৰাজীৱ শদিয়াক উদীয়মান “বিপ্লৱী শিল্পী ” বঁটা প্ৰদান মটক যুৱ-ছাত্ৰ পৰিষদ আৰু সংখ্যালঘু ছাত্ৰ ইউনিয়ণৰ

নিউজ ব্যুৰ,প্ৰথম খবৰ : সদৌ অসম মটক যুৱ ছাত্র পৰিষদ আৰু ডিব্ৰুগড় জিলা সংখ্যালঘু ছাত্র ইউনিয়নৰ যৌথ উদ্যোগত বিশ্ববৰেণ্য সুধাকন্ঠ ড° ভূপেন  হাজৰিকাদেৱৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলাৰ চাউলখোৱা চাহ জনজাতি প্ৰেক্ষাগৃহত অসমৰ চাৰিজন শিল্পীক সংগঠন দুটাই সম্বৰ্থনা জনোৱাৰ লগতে মান-পত্র, শৰাই, জাপি আৰু নগদ ধন আগবঢ়াই৷

উদীয়মান শিল্পী ৰাজীৱ শদিয়াই অসমীয়া জাতি জীয়াই থাকিবলৈ সকলো জাতীয় জনগোষ্ঠীয়  দল-সংগঠনক একগোট হ’বলৈ আহ্বান জনাই। সদৌ অসম মটক যুৱ-ছাত্র পৰিষদ কেন্দ্ৰীয় সমিতি অাৰু সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন ডিব্ৰুগড় জিলা সমিতিয়ে অাজি লোহিত গগৈক জ্যেষ্ঠ শিল্পী বঁটা, ৰাজীৱ শদিয়াক উদীয়মান বিপ্লৱী শিল্পী বঁটা, বিদ্যুৎ বিকাশ চেতিয়াক অাৰু হৃতিস্মান দত্তক নিচুকনি শিল্পী বঁটা প্ৰদান কৰে।

সদৌ অসম  সংখ্যালঘু ছাত্র ইউনিয়নৰ ডিব্ৰুগড় জিলা সমিতিৰ  সভাপতি মঃইমতিয়াজ অালি সভাপতিত্বত উদ্দেশ্য ব্যাখ্যা কৰে সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই৷ উক্ত শিল্পী কেইগৰাকীক  বঁটা বিতৰণি কাৰ্যসূচীত সাংবাদিক সুৰক্ষা মঞ্চৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰ, সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱা, জাতীয় মহাসভা কেন্দ্ৰীয় সভাপতি দয়ানন্দ শ্বাহ, লাহোৱাল প্ৰেছ ক্লাৱৰ সভাপতি ত্রুমে সম্পাদক দিপজয় শইকীয়া, ধৰণি গগৈ, সাংবাদিক কনোজ শইকীয়া, মুক্তামনি হাজৰিকা, যাদৱ গগৈ, ডেভিদ বৰুৱা, লগতে সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক তপন কুমাৰ শইকীয়া, বিশ্ব বংশ সাহিত্য সংস্কৃতি কাৰ্যকৰি সভাপতি চন্দন মজুমদাৰ, বিশিষ্ট সংগীতসাধক তথা সমাজ সেৱক অশ্বিনী গগৈ, সদৌ অসম সংখ্যলঘু ছাত্র ইউনিয়নৰ ডিব্ৰুগড় জিলা উপদেষ্টা তথা বিশিষ্ট সমাজ সেৱক মঃছফি অালম খান, চাহ জনজাতি গণ শিল্পী মৃত্যুঞ্জয় কৰ্মকাৰ, গণ অধিকাৰ সংগ্ৰাম সমিতি সাঃসম্পাদক মঃমহিৰ উদ্দিন , সংখ্যালঘু ছাত্র ইউনিয়নৰ ডিব্ৰুগড় জিলা সমিতি সাধাৰণ সম্পাদক মঃ ৰচিদ অাহমেদ লগতে শ-শ ৰাইজ  অনুষ্ঠানটোত উপস্থিত থাকে।

Related Articles

Leave a Reply

Close