অসম

ৰাজ্যত বন জুইৰ দৰে বিয়পিছে নগা ফ্ৰেমৱৰ্ক চুক্তিৰ ভয়ানক প্ৰতিবাদ, ডিমা হাছাওৰ হাফলং তিনিআলিত নগা ফ্ৰেমৱৰ্ক চুক্তিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

হাফলং তিনিআলিৰ পৰা কনক দেউৰী, প্ৰথম খবৰ: ৰাজ্যত বন জুইৰ দৰে বিয়পিছে নগা ফ্ৰেমৱৰ্ক চুক্তিৰ বিৰুদ্ধে ভয়ানক প্ৰতিবাদ। ডিমা হাছাওৰ অন্য প্ৰান্তৰ লগতে হাফলং তিনিআলিতো সাব্যস্ত হল নগা ফ্ৰেমৱৰ্ক চুক্তিৰ বিৰুদ্ধে ডিমাছা জাতীয় সংগঠন, ছাত্র সংগঠন আদিৰ উত্তাল প্ৰতিবাদ। ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ৰাজহুৱা কৰাৰ দাবীত তথা তেজ আৰু প্রাণ দিম, কিন্তু মাটি এক ইঞ্চিও নিদিওৰ সংকল্পৰে বৃহত্তৰ দিয়ুংব্ৰা মহকুমাৰ অন্তৰ্গত থকা দল সংগঠনে আজি বৃহত্তৰ মোহকুমাটোতে সমদল, হুংকাৰ, স্মাৰক পত্ৰ প্ৰদান আদি কাৰ্যসূচীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে নগা ফ্ৰেমৱৰ্ক চুক্তি আৰু চৰকাৰৰ বিৰুদ্ধে। ডিমাছা জাতীয় সংগঠন দিয়ুংব্ৰা জালাই হচম, ছাত্র সংগঠন ক্ৰমে সদৌ ডিমাছা ছাত্র সংস্থা, ডিমাছা ছাত্র সংস্থা, গাওঁবুঢ়া সংস্থা, কেইবাটাওকৈ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী আৰু সংগঠনকেইটাৰ নেতা-কৰ্মীয়ে হাফলং তিনিআলিত প্রতিবাদী সমদল উলিয়াই সাব্যস্ত কৰে এই প্ৰতিবাদ।

উল্লেখযোগ্য যে, হাফলং তিনিআলিৰ পৰা ব্লক বজাৰস্থিত দিয়ুংব্ৰা মহকুমাধিপতি কাৰ্য্যালয়লৈ বুলি বাহিৰ কৰা সমদলটোৰ প্ৰতিবাদকাৰীয়ে বিজেপি মুৰ্দাবাদ, কেন্দ্রীয় চৰকাৰ মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল চৰকাৰ মুৰ্দাবাদ, নাগালেণ্ড গ’বেক আদি শ্ল’গান দি সমগ্ৰ অঞ্চলটোৰ পৰিবেশ-পৰিস্থিতি উত্তাল কৰি তোলে। অসমৰ মাটি তথা ডিমা হাছাওৰ এক ইঞ্চি মাটিও কোনোপধ্যে এৰি নিদিও বুলি সকীয়নি প্ৰদান কৰে প্ৰতিবাদকাৰী সংগঠনকেইটাই চৰকাৰক। আনহাতে গুৰুত্বপূৰ্ণ বিষয় যে ফ্ৰেমৱৰ্ক চুক্তিৰ সন্দৰ্ভত দিয়ুংব্ৰা মহকুমাধিপতিৰ যোগেদি প্ৰধানমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্তৰে উল্লিখিত মহকুমাধিপতি কাৰ্য্যালয়লৈ বুলি আগবাঢ়ি যোৱা প্ৰতিবাদকাৰী সংগঠনকেইটাই উক্ত স্থানত উপস্থিত হৈছিল যদিও কাৰ্য্যালয়ত মহকুমাধিপতি কিংবা আন বিষয়ববীয়াক কাকোকে দেখা নাপায় উপায়ন্তৰ হৈ নগা ফ্ৰেমৱৰ্ক চুক্তিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী লৈ বুলি প্ৰস্তুত কৰা স্মাৰক পত্ৰখনি দিয়ুংব্ৰা আৰক্ষী চকীৰ আৰক্ষী বিষয়াৰ হাততে প্ৰদান কৰি প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিবলগীয়া হয় প্ৰতিবাদকাৰীয়ে।

 

Related Articles

Leave a Reply

Close