অসম
ৰাজ্যৰ মানচিত্ৰৰ সংজ্ঞা অতুল বৰাৰ

তিতাবৰৰ পৰা চিত্তকমল বেজবৰা, প্ৰথম খবৰ: ৰাজ্য তোলপাৰ লগাই থকা নাগা ফ্ৰেমৱৰ্ক চুক্তিৰ সম্পৰ্কত সীমান্তবাসী উৎকণ্ঠিত হৈ থকাৰ মুহূৰ্ততে এইবাৰ তিতাবৰত কৃষি মন্ত্ৰী অতুল বৰাই কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য। জাতি, মাটি আৰু ভেঁটি বুলিলে বৰ্তমানৰ ভৌগোলিক মানচিত্ৰখনকেই বুজা যায় বুলি উল্লেখ কৰি সীমান্তত বিবাদমান নামৰ কোনো ভূমি নাই আৰু যি সমূহ ভূমি বিবাদমান বুলি উল্লেখ কৰা হৈছে সেয়া অসমৰ ভূমি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে কৃষি মন্ত্ৰী অতুল বৰাই। কোনো কাৰণতে অসমৰ ভূমি এৰি দিয়াত একমত নহয় বুলি স্পষ্ট মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।
ইফালে সমাগত পঞ্চায়ত নিৰ্বাচনৰ সম্পৰ্কটো অতুল বৰাই কয় যে, দলীয় তৃণমূল কৰ্মীৰ ইচ্ছা অনুসৰি অগপ ই অকলেই অৱতীৰ্ণ হ’ব এইবাৰ পঞ্চায়ত নিৰ্বাচনত। ইতিমধ্যে সকলো কাম কাজ আগবঢ়াই নিয়া বুলিও মন্তব্য কৰিছে মন্ত্ৰী অতুল বৰাই।