অসম

ৰাস উদযাপনেৰে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া অসমৰ প্ৰথমখন মিচিং গাঁও ঢকুৱাখনাৰ অয়েঙীয়াত সমন্বয়ৰ চানেকি

ঢকুৱাখনাপৰা পাপু বৰুৱা, প্ৰথম খবৰ: মহাপুৰুষীয়া সংস্কৃতিৰ এক অন্যতম নিদৰ্শন শ্ৰী কৃষ্ণৰ ৰাসলীলা হ’ল সমন্বয় আৰু একতাৰ বান্ধোনেৰে উদযাপন কৰি অহা সাংস্কৃতিক লোক উৎসৱ। মূলতঃ গুৰু দুজনাই প্ৰতিস্থা কৰা সত্ৰ সমূহতে আৰম্ভণি হোৱা ৰাস বৰ্তমান ৰাজ্যৰ চুকে-কোণে বিভিন্ন প্ৰান্তত উদযাপিত হৈ আহিছে সাৰ্বজনীনভাৱে নামঘৰ, ৰংগমঞ্চ আৰু সাংস্কৃতিক গোষ্ঠী আদিৰ উদ্যোগত। এনেদৰে অসমীয়াভাষী আৰ্যমুলীয় সমাজত ৰাসৰ আৰম্ভণি ঘটে যদিও অনাৰ্য্যমূলীয় অসমৰ ভিন্ন জাতি জনগোষ্ঠীসকলৰ মাজত কিন্তু ধাৰাবাহিকভাৱে ৰাস উদযাপন কৰি অহাৰ পৰম্পৰা অতি বিৰল। এই বিৰল পৰম্পৰা নিদৰ্শন দাঙি ধৰি চৰ্চালৈ আহিছে ঢকুৱাখনা এখন মিচিং জনজাতীয় গাঁও সোৱণশিৰি অঞ্চলৰ অয়েঙীয়া গাওঁ।

২০০৩ চনতে ঢকুৱাখনাৰ বান্তৌ গাঁৱৰ জ্যোতি গগৈ আৰু গাঁওখনৰ সাংস্কৃতিক অনুষ্ঠানস্বৰূপ পূবেৰুণ যুৱক সংঘৰ কৰ্ম – কতাসকলৰ প্ৰচেষ্টাত শ্ৰীশ্ৰী বাসু-অয়েঙীয়া নামে প্ৰখ্যাত গাঁওখনত অসমীয়া, বজ্ৰাৱলী ভাষাত শ্ৰী কৃষ্ণৰ ৰাসলীলা মঞ্চায়নৰ ব্যৱস্থা কৰিছিল। স্থানীয় মিচিং জনজাতীয় লোকসকলেই ক্ৰমে – নাট্য নৃত্য, অভিনয়ত পাকৈত হৈ ২০০৪ চনৰ পৰা এবছৰো যতি নপৰাকৈ উদযাপন কৰি আহিছে শ্ৰী কৃষ্ণৰ ৰাসলীলা আৰু ইয়াৰ জৰিয়তে গাঁওখনত এক সুস্থ সাংস্কৃতিক পৰম্পৰা লগতে জাতি-জনজাতিৰ মাজত সমন্বয় গঢ়ি উঠে।

পৰৱৰ্তী সময়ত কংস, কালাকেটু, উগ্ৰসেন আদি চৰিত্ৰত অনামিচিং লোকক অভিনয় কৰিবলৈ দি বাকিবোৰ চৰিত্ৰত অয়েঙীয়াৰ যুৱক-যুৱতীসকলেই কৰিছিল সাৱলীল অভিনয়। সম্পূৰ্ণ মিচিং জনজাতীয় গাঁওখনৰ একতা, সমন্বয়ৰ বাবেই সংস্কৃতিক সুস্থিৰতাৰ বাবেই এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ পালন কৰিবলৈ সক্ষম হ’ল ৰাসৰ। ফলত ধাৰাবাহিকভাৱে ৰাস উদযাপনেৰে ৰূপালী জয়ন্তী পালন কৰা অসমৰ প্ৰথমখন মিচিং জনজাতীয় গাঁওৰূপে পৰিগণিত হ’ল ঢকুৱাখনাৰ সোৱণশিৰি অঞ্চলৰ অয়েঙীয়া বৰগাঁও।

কালিৰে আৰম্ভ কৰা ৰাসৰ ৰূপালী জয়ন্তী অনুষ্ঠানৰ সন্ধিয়া বন্তি প্ৰজ্বলন কৰে ইউনাইট্ৰেদ টাইবেল ডিগ্ৰী কলেজৰ অধ্যক্ষ ড’ বিনেশ্বৰ পাতিৰে। ইয়াৰ পিছতে ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি তীৰ্থ নাথ পাঞ্চাং আৰু টিকেন্দ্ৰজিৎ টাইড’ৰ সম্পাদনাত প্ৰকাশ পোৱা স্মৃতিগ্ৰন্থ ‘ বৃন্দাবনৰ হাঁহি ‘ উন্মোচন কৰে লেখক পূৰ্ণ কুমাৰ চিন্তেয়ে।

ইফালে নিশালৈ ৰাসত অভিনেত্ৰী বৰষা ৰাণী বিষয়া আৰু সৰ্বানন্দ হাজৰিকাই অতিথি শিল্পীৰূপে অভিনয় কৰা বিপৰীতে বাকী সকলো চৰিত্ৰত মিচিং জনজাতীয় শিল্পীসকলেই অভিনয় কৰে।

Related Articles

Leave a Reply

Close