অসম

ৰাস মহোৎসৱৰ মাজতে নগৰবেৰা বজাৰত চুৰি কাণ্ড

নগৰবেৰাৰপৰা মিজানুৰ ৰহমান, প্ৰথম খবৰ: যোৱা কিছুদিন ধৰি কামৰূপ জিলাৰ নগৰবেৰাত বৃদ্ধি পাইছে চুৰিকাণ্ড। ৰাস মহোৎসৱ চলি থকাৰ মাজতে শনিবাৰে নিশা নগৰবেৰা বজাৰৰ মাজমজিয়াত সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা।

বজাৰখনৰ প্ৰতিষ্ঠিত ব্যৱসায়ী মানিক আলীৰ দোকানত নিশা চোৰে লুটপাত চলায়। দোকানখনৰ কাঠৰ বেৰ ভাঙি প্ৰৱেশ কৰি নগদ ধন সহ লক্ষাধিক টকাৰ কাপোৰ লুটি নিয়ে চোৰে। তাৰোপৰি দোকানত থকা বেংকৰ পাচবুক আৰু চেক বুক লৈ যায় চোৰে। নগৰবেৰা আৰক্ষী থানাৰ কিছু নিলগত আৰু বজাৰখনৰ মাজমজিয়াতে চোৰে ছাফাই অভিযান চলোৱাত চাঞ্চল্যৰ সৃষ্টি কৰিছে ব্যৱসায়ী সকলৰ মাজত।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও নগৰবেৰা বজাৰত কেইবাটাও চুৰিকাণ্ড সংঘটিত হৈছে। ঘটনা সন্দৰ্ভত নগৰবেৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

 

Related Articles

Leave a Reply

Close