অসম

২৪ নৱেম্বৰত ৰাজ্যজুৰি অনুষ্ঠিত হ’ব ‘দেশভক্তি সমাবেশ’

নিউজ ডেস্ক, প্ৰথম খবৰ: সীমান্ত চেতনা মঞ্চই বীৰ লাচিত দিৱসৰ লগত সংগতি ৰাখি শুক্ৰবাৰে (২৪ নবেম্বৰ, ২০১৭) ‘দেশভক্তি সমাবেশ’ নামৰ এক অনুষ্ঠানৰ আয়োজন কৰিছে।  সমগ্ৰ অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী ৮ খন জিলা ক্ৰমে ভাৰত-বাংলাদেশ সীমান্তত ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচাৰ, কাছাৰ, কৰিমগঞ্জ আৰু ভাৰত-ভূটান সীমান্তত ওদালগুৰি, বাকসা, চিৰাং আৰু কোকৰাঝাৰ জিলাৰ মুঠ ৬৩ টা উল্লেখযোগ্য স্থানত এই সমাবেশৰ আয়োজন কৰা হৈছে।

৮ খন জিলাৰ মুঠ ৪৮ টা ছেক্টৰ, সীমান্তৱৰ্তী জিলাৰ ১৪ খন মহকুমা, সদৰ স্থান, নগৰ আৰু অসমৰ ৰাজধানী গুৱাহাটী মহানগৰীতো এই অনুষ্ঠান উদযাপিত কৰা হ’ব।

মহানগৰীৰ দিছপুৰ প্ৰেছ ক্লাবত বুধবাৰে (২২ নবেম্বৰ) সীমান্ত চেতনা মঞ্চই এই অনুষ্ঠানৰটোৰ সংগতি ৰাখি এক সংবাদ মেলৰ আয়োজন কৰে। সংবাদমেলত উপস্থিত থাকে পূৰ্বোত্তৰ সীমান্ত চেতনা মঞ্চৰ সভাপতি ড কমলা কান্ত চহৰীয়া আৰু উপসভাপতি বিনিতা ভাগৱতী। সংবাদ মেলত মঞ্চৰ সভাপতি ড০ কমলা কান্ত চহৰীয়াই কয়, ‘এই কাৰ্যসূচীক সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰ্দিষ্ট স্থানবোৰত আগতীয়া আয়োজনৰ পৰ্যবেক্ষণৰ কাৰণে সংগঠনটোৰ বিষয়ববীয়াসকলক দায়িত্ব দিয়া হৈছে।

স্থানীয় আয়োজক সমিতিসমূহকো প্ৰশাসন আৰু সুৰক্ষা বাহিনীৰপৰা অনুমতি লোৱাৰ বাবে নিৰ্দেশনা দিয়া হৈছে। ৰাজ্যজুৰি অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানৰ মুখ্য আকৰ্ষণ একোখনকৈ জনসভা। ইয়াত কমেও একোজনকৈ প্ৰশিক্ষণপ্ৰাপ্ত বক্তা নিশ্চিত কৰি দিয়া হ’ব আৰু তেওঁলোকে ৰাষ্ট্ৰীয় সুৰক্ষা, দেশৰ সুৰক্ষা আৰু নাগৰিকৰ কৰ্তব্যৰ ওপৰত ৰাইজৰ সৈতে মত বিনিময় কৰিব’।

Related Articles

Leave a Reply

Close