অসম

নগাঁও জিলা সত্ৰ মহাসভাৰ সত্ৰীয়া সাংস্কৃতিক দিৱস উদযাপনৰ প্ৰস্ততি

পুৰণিগুদামৰপৰা দিব্যজ্যোতি ভূঞা, প্ৰথম খবৰ: সত্ৰীয়া নৃত্যই সৰ্বভাৰতীয় শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি লাভ কৰাৰ পাছত বিগত ষোল্লটা বছৰে পোন্ধৰ নবেম্বৰৰ দিনটো অসম সত্ৰ মহাসভাই সত্ৰীয়া সাংস্কৃতিক দিৱস হিচাপে উদযাপন কৰি আহিছে৷

এইবাৰো অহা পোন্ধৰ নবেম্বৰত নগাঁও জিলা সত্ৰ মহাসভাৰ সপ্তদশ বাৰ্ষিক সত্ৰীয়া সাংস্কৃতিক দিৱসটি পুৰণিগুদাম পানীগাঁওস্থিত শ্ৰীশ্ৰী লেটুগ্ৰাম সত্ৰত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব৷

কাৰ্যসূচী অনুসৰি পুৱা পাঁচ বজাত প্ৰাতঃপ্ৰসংগ, পুৱা আঠ বজাত সত্ৰ মহাসভাৰ পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি কৃষ্ণ গোস্বামীয়ে,স্মৃতি তৰ্পণ কৰিব নগাঁও জিলা সত্ৰ মহাসভাৰ সম্পাদক কুশল চন্দ্ৰ মহন্তই, পুৱা ৯.৩০ বজাত পূৱ নগাঁও আঞ্চলিক সত্ৰ মহাসভাৰ দ্বি-বাৰ্ষিক সাধাৰণ সভা আৰু নতুন সমিতি গঠন, বিয়লি ১.৩০ বজাত নগাঁও জিলা সত্ৰ মহাসভাৰ সভাপতি নবীন চন্দ্ৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হ’ব মুকলি সভা৷

শ্ৰীশ্ৰী লাইআটি সত্ৰৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱগোস্বামী আৰু অসম সত্ৰ মহাসভাৰ উপ-সভাপতি দ্বিজেন্দ্ৰ নাৰায়ন দেৱ গোস্বামী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিবলগীয়া সভাত সত্ৰীয়া সাংস্কৃতিক বিষয়ক আলোচনা অনুষ্ঠিত হ’ব৷

উক্ত সভাত বিশিষ্ট সাংস্কৃতিক কৰ্মী আৰু শ্ৰীশ্ৰী ডোখোৰামুখ মাহাৰা সত্ৰৰ সত্ৰাধিকাৰ নবীন চন্দ্ৰ  গোস্বামী আৰু বিশিষ্ট সাংবাদিক, সাহিত্যিক আৰু সু-অভিনেতা ফণীন্দ্ৰ নাথ গায়নক সম্বৰ্দ্ধনা জনোৱা হ’ব লগতে প্ৰয়াত সত্ৰাধিকাৰ নীলকান্ত মহন্তৰ স্মৃতিত উৎসৰ্গিত জিলা সত্ৰ মহাসভাৰ পত্ৰিকা “সত্ৰ সম্ভাৰ” উন্মোচন কৰা হ’ব৷ সন্ধ্যা পাঁচ বজাত উদযাপন সমিতিৰ উপ-সভাপতি যতীন ভূঞাই বন্তি প্ৰজ্বলন কৰিব৷ উক্তসমূহ কাৰ্যসূচীত উদ্যোক্তাসকলে ৰাইজৰ উপস্থিতি কামনা কৰিছে৷

Related Articles

Leave a Reply

Close