অসমশীৰ্ষ

APSC কেলেংকাৰীত দৰঙৰ চক্ৰ বিষয়া 

প্ৰথম খবৰ, মংগলদৈ: দেশ কপোৱা অসম লোক সেৱা আয়োগৰ ব্যাপক দুৰ্নীতি তথ্য তথা ৰাকেশ পালৰ গ্ৰেপ্তাৰৰ পিছত ৰৌ বৰালী জালত নপৰিল যদিওঁ দুৰ্নীতিত লিপ্ত হোৱা বিভাগটোৰ বিষয়া সকলক জালত পেলাবলৈ সক্ষম হৈছে অসম আৰক্ষীৰ বিশেষ শাখাই ।
শেহতীয়াভাৱে ২৫ জনকৈ ACS APS বিষয়াৰ ওপৰত অভিযোগ উঠিছিল। তাৰ ভিতৰত দৰং জিলাৰ চক্ৰ বিষয়া পল্লৱী শৰ্মা চৌধুৰীৰ বিৰুদ্ধেও জালিয়াতিৰে চাকৰি লোৱাৰ অপৰাধত অসম আৰক্ষীৰ এক বিশেষ শাখাই নিশা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান কাহিলীপাৰাত আৰক্ষীৰ চাউনীত সোধপোচ অব্যাহত ৰাখিছে। চক্ৰ বিষয়া গৰাকীৰ গ্ৰেপ্তাৰত দৰঙৰ বিভিন্ন দল সংগঠন আৰু ৰাইজে আনন্দ প্ৰকাশ কৰিছে আৰু চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত ফটকা আতচবাজী ফুটাই আনন্দ কৰা পৰিলক্ষিত হৈছে।

Related Articles

Leave a Reply

Close