অসম
লাওচত ক্লিনিক খুলিবলৈ আমন্ত্ৰণ ডা: অৰূপ কুমাৰ নাথক

নিউজ ডেস্ক, প্ৰথম খবৰ:চেন্টাৰ ফৰ এডভাঞ্চ ইউৰোলোজি এণ্ড ডিজিজেচৰ সমূহ সদস্যই লাওচৰ ৰাষ্ট্ৰদূতৰ লগত কালি এক আলোচনাত মিলিত হয়। কিডনী আৰু প্ৰষ্টেত ৰোগৰ লেজাৰৰ সহায়ত আধুনিক চিকিৎসাৰ বাবে অসমৰ চেন্টাৰটোক ৰাষ্ট্ৰদূত গৰাকীয়ে লাওচ লৈ আমন্ত্ৰণ কৰিছে।
উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ বিশিষ্ট ইউৰ’লজিষ্ট ডা:অৰূপ কুমাৰ নাথৰ নেতৃত্বত অভিজ্ঞ চিকিৎসকৰ দল এটাই অসমত এখন দেশৰ আগশাৰীৰ কিডনী আৰু ইউৰোলোজিৰ চিকিৎসালয় গঢ়ি তোলাৰ বাবে প্ৰস্তুতি চলাই আছে। অনতি পলমে এটা ক্লিনিক লাওচত (বিদেশত তেওঁলোকৰ প্ৰথম ক্লিনিক) খোলাৰ কথা চিন্তা কৰিছে।
কিডনী আৰু প্ৰষ্টেত ৰোগৰ লেজাৰৰ সহায়ত আধুনিক চিকিৎসাৰ বাবে অসমৰ চেন্টাৰটোক ৰাষ্ট্ৰদূত গৰাকীয়ে লাওচ লৈ আমন্ত্ৰণ কৰা বাবে ডা: অৰূপ কুমাৰ নাথে সন্তুষ্টি প্ৰকাশ কৰিছে। শেহতীয়াকৈ তেওঁলোকৰ চেন্টাৰত সন্নিৱিষ্ট হৈছে কিডনী কেঞ্চাৰ বিভাগ চেন্টাৰ।
যোগাযোগৰ ঠিকনা
ডা:অৰুপ কুমাৰ নাথ
চিনিঅ’ৰ লেজাৰ ইউৰো চাৰ্জন
ডা: দেবজিত বৈশ্য
ইউৰো কেঞ্চাৰ চাৰ্জন
ডা: নিতিন গুপ্তা
ইউৰো ৰিকস্ট্ৰাক্তিভ চাৰ্জন
95080 39849