অসম

অগপ নেতা অবিনাশ তালুকদাৰৰ মৃত্যুত বহৰিত শোকৰ ছাঁ 

চেঙাৰপৰা মইদুল ইছলাম,প্ৰথম খবৰ:বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বহৰিৰ অগপ দলৰ নেতা অবিনাশ তালুকদাৰৰ কালি উচ্চ ৰক্তচাপজনিত কাৰণত মৃত্যু হয়৷ ৫৫ বছৰীয়া অবিনাশ তালুকদাৰ অগপৰ বহৰি আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক পদত অধিস্থিত হৈ আছিল৷ বহৰি অঞ্চলত সামাজিকভাৱে সদা সক্ৰিয় হৈ থকা তালুকদাৰৰ বিয়োগত বহৰিত গভীৰ শোকৰ ছাঁ পৰিছে৷

দুগৰাকী পুত্ৰ আৰু পত্নীক এৰি থৈ অজান মুলুকলৈ যোৱা অবিনাশ তালুকদাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে বিভিন্ন দল সংগঠনে। এক শোক বাৰ্তাত বৰপেটা জিলা অগপৰ উপ-সভাপতি তথা চেঙা সমষ্টিৰ অগপ নেতা ৰবিউল হুছেইনে তালুকদাৰৰ মৃত্যুত আঞ্চলিক দল অগপই এজন প্ৰকৃত সেনানী হেৰুৱালে বুলি উল্লেখ কৰি তেওঁৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷

Related Articles

Leave a Reply

Close