অসম
অসমৰ সাংবাদিক দল ভূপালৰ পৰা ইন্দোৰলৈ ৰাওনা

ভূপালৰ পৰা সুৰজিৎ বড়া, প্ৰথম খবৰ : অসমৰ পৰা যোৱা ২৬ নৱেম্বৰতে মধ্যপ্ৰদেশলৈ বুলি ৰাওনা হোৱা ১৪ জনকৈ মফচলীয় সাংবাদিক ভূপালৰ বিভিন্ন ঐতিহাসিক ঠাই চোৱাৰ পিছত আজি বিভিন্ন অভিজ্ঞতাৰে পুৱাৰ ভাগত পুনৰ ৰাওনা হৈছে মধ্যপ্ৰদেশৰে অন্য ঐতিহাসিক ঠাই ইন্দোৰলৈ। আজি বিয়লি বেলাত ৰুচী চয়া উদোগিক প্ৰতিষ্ঠানত প্ৰবেশ কৰি সাংবাদিক দলটোৱে উৰ্ধতম বিষয়া কৰ্মচাৰীক লগ ধৰি সমগ্র প্ৰক্ৰিয়াৰ বুজ লয়।ইফালে অহা ৬ ডিচেম্বৰলৈকে থাকিবলগীয়া সাংবাদিক দলটোৱে কাইলৈ ইন্দোৰলৈ গৈ মিউনিচিপাল কৰপৰেশ্বনৰ আয়ুক্ত আৰু মেয়ৰক লগ ধৰি এক আলোচনাত মিলিত হৈ বিভিন্ন উন্নয়নমূলক আচঁনি পৰিদৰ্শন কৰিব।ইয়াৰ উপৰিও প্ৰেম টেক্সটাইল ইন্টাৰনেচনেল প্ৰা: লি:মি: ৰ বিভিন্ন কায্যক্ৰমণিকাত সাংবাদিক দলটোৰ লগত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ উপ-সঞ্চালক প্ৰাণজিৎ হাজৰিকা আৰু জ্যেষ্ঠ তথ্য বিষয়া জাহিদ আহমেদ তাপাতদাৰে।