Uncategorized

অসম অৰুণাচল সীমান্তত শাৰী শাৰী সেউজীয়া বাদামৰ সুৰীয়া সুবাস

ধেমাজিৰ পৰা বিজন শৰ্মা,প্ৰথম খবৰ: অসম অৰুণাচল সীমান্তৱৰ্তী ধেমাজিৰ নিলখত এতিয়া বাদাম খেতিৰে স্বাৱলম্বী হ’ব খোজা এজাক যুৱকৰ কষ্ট সহিষ্ণু প্ৰচেষ্টা৷ এশ বিঘা মাটিত বাদামৰ শাৰী শাৰী সেউজীয়া পুলি৷ পাৰ হৈ যোৱা বছৰটোত গাই নৈৰ পাৰত এবিঘা মাটিত বাদাম খেতি কৰি তিনি কুইন্টলতকৈও অধিক বাদাম উৎপাদন কৰি উৎসাহিত হৈ পৰাৰ পাছত এইবাৰ এশ বিঘা মাটিত বাদাম খেতিত ব্যস্ত নিলখৰ যুৱক সকল৷ শাৰী শাৰী সেউজীয়া বাদামৰ মাজত পোখা মেলিছে নিলখৰ যুৱক সকলৰ স্বনিৰ্ভৰশীলতাৰ সোনোৱালী সপোনে৷ বিয়াগোম কৃষি বিভাগৰ কৃষকৰ কল্যাণৰ বাবে থকা হাজাৰ বিজাৰ আঁচনিয়ে ঢুকি নোপোৱা অসম অৰুণাচল সীমান্তৱৰ্তী নিলখৰ দৰে এখন অভাৱগ্ৰস্ত গাঁৱৰ যুৱক সকল ক্ষোভিত চৰকাৰী অৱহেলাৰ বাবে৷

Related Articles

Leave a Reply

Close