অসম

উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ শতবৰ্ষীয়ন সমন্বয় সত্ৰ যাত্ৰা

তেজপুৰৰপৰা অপুৰ্ব বৰা,প্ৰথম খবৰ : অসম সাহিত্য সভাৰ শতৰ্বষীয় বিভিন্ন কাৰ্য্যসুচী  ৰাজ্যজুৰি অনুষ্ঠিত হৈ আছে। ইয়াৰ অংশ হিচাপে অসম সাহিত্য সভাৰ অন্যতম সক্ৰীয় শাখা উত্তৰ পশ্চিম তেজপুৰ শাখা সাহিত্য সভাই এক সমন্বয়ৰ সত্ৰ যাত্ৰা কায্যসুচী আজি ঐহিত্যমণ্ডিত ৰাস মন্দিৰৰ চৌহদৰ পৰা আজি পুৱা শুভাৰাম কৰে শোণিতপুৰ জিলা সাহিত্য সভাৰ কোষাধ্যক্ষ অপুৰ্ব বৰাই। ৭০জনী দলটো আজি পুৱা তেজপুৰৰ মিলনপুৰৰ মিলনবাকৰি ৰাস মহোৎসৱ স্থলীৰ পৰা মাজুলীৰ অভিমুখে যাত্ৰা আৰাম্ভ কৰে। সমন্বয়ৰ বাণীৰে এই যাত্ৰাত উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ এলেকাৰ বয়োজ্যেষ্ঠ লোকসকলে অংশ গ্ৰহণ কৰা দেখা গ’ল।

Related Articles

Leave a Reply

Close