অসম

একাগ্ৰতা থাকিলে স্বাৱলম্বী হব পাৰি:বিধায়ক অশোক শৰ্মা 

প্ৰথম খবৰ,নলবাৰী: একাগ্ৰতা,ধৈৰ্য্য থাকিলে চৰকাৰৰ বিভিন্ন বিভাগৰ আঁচনিৰ জৰিয়তে স্বাৱলম্বী হ’ব পাৰি। মাথো বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগত যোগাযোগ ৰাখিব লাগিব-আজি নলবাৰীৰ যজ্ঞভূমিত সম্প্ৰসাৰণ কেন্দ্ৰ,ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান নলবাৰীৰ উদ্যোগত আয়োজিত এখন সজাগতা সভাত এইদৰে কয় – নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাই। প্ৰতিষ্ঠানটোৰ নলবাৰী সম্প্ৰসাৰণ বিষয়া অমৰজৌতি দাসে পৰিচালনা কৰা সভাত বিধায়ক শৰ্মাই আৰু কয় কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে নিৱনুৱা সমস্যা সমাধানৰ বাবে বিভিন্ন আঁচনি লৈছে আৰু সেই আঁচনি সমূহৰ সুযোগ লবলৈ আহ্বান জনায়। নলবাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সমন্বয়ক ছুইটি তালুকদাৰে উদ্দেশ্য বাখ্যা কৰা সভাত নলবাৰী জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱা,নাৱাৰ্ডৰ জিলা প্ৰৱন্ধক দেৱজৌতি বিশ্বাস,জিলা কৃষি বিষয়া হোমেশ্বৰ কলিতা, অন্যতম বিষয়া ডম্বৰুধৰ পাটোৱাৰী, জিলা পশু চিকিৎসা ও পালন ভাৰপ্ৰাপ্ত বিষয়া ডাঃ সুৰেণ শৰ্মা,নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ মূখ্য বিজ্ঞানী ডঃ মৃদুল ডেকা,জিলা মিন উন্নয়ন বিষয়া প্ৰতুল বেজবৰুৱা,পূৱ নলবাৰী উন্নয়ন খণ্ডৰ বিষয়া ৰাজীৱ কুমাৰ গগৈ,জিলা প্ৰগ্ৰেম বিষয়া আবেদুৰ ৰহমান, নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা প্ৰমূখ্যে কেইবাজনো বিষয়াই ভাষনত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ বৃস্তিত বাখ্যা দাঙি ধৰে। যুৱ নেতা কিশোৰ কলিতা আৰু শুভজিত মল্ল বুজৰবৰুৱাই সামগ্ৰীক ভাবে আতঁ ধৰা সভাত জিলা বিজেপিৰ উপ সভাপতি তথা আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাহঁজানী জিলা পৰিষদৰ প্ৰাৰ্থী অপূৰ্ব শৰ্মা,বিজেপি নেতা জয়ৰাম বৰ্মন সহ দুই শতাধিক লোক উপস্থিত থাকে।

Related Articles

Leave a Reply

Close