অসম

এনআৰচিক বাধাগ্ৰস্ত কৰাৰ ষড়যন্ত্ৰ বিফল কৰিলে উচ্চতম ন্যায়ালয়ৰ ৰায়ে-বিধায়ক হুদা 

প্ৰথম খবৰ,ৰূপহীহাট:মঙ্গলবাৰে পঞ্চায়ত নথিক বৈধ হিচাপে উচ্চতম ন্যায়ালয়ে ৰায় দান কৰাৰ পাছতেই নগাঁৱৰ ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাই ন্যায়ালয়ৰ এই ৰায়ক আদৰণি জনায়। ন্যায়ালয়ক ধন্যবাদ জনাই বিধায়কজনে কয় যে- পঞ্চায়তৰ নথি অবৈধ বুলি উচ্চ ন্যায়ালয়ে ঘোষণা কৰাৰ পাছত অসমৰ জনসাধাৰণ শংকিত হৈ পৰিছিল।  যিহেতু এই নথি ন্যায়ালয়ৰ নিৰ্দেশমৰ্মেই জমা দিছিল সকলোৱে সেয়ে এ আৰচিৰ কামক বাধাগ্ৰস্ত কৰাৰ বাবে একাংশই গোচৰ তৰিছিল। কিন্তু সেই সন্দৰ্ভত অন্যান্য সংগঠনৰ লগতে ৰাইজক সকাহ দিবলৈ কংগ্ৰেছেও উচ্চতম ন্যায়ালয়ৰ কাষ চাপি নথিসমুহ বাহাল ৰখাৰ দাবীৰে আপীল কৰিছিল। যাৰ বাবে এতিয়া এন আৰ চিক লৈ কোনো শ্ৰেণী বিভাজন নাথাকিব বুলি কয়। এখন শুদ্ধ নাগৰিক পঞ্জীয়ে সকলোৰে মাজত ঐক্য-সংহতি অটুট ৰাখিব আৰু অসমীয়া জাতিক যিসকলে পিছুৱাই নিয়াৰ কাৰণে ষড়যন্ত্ৰ কৰিছিল সেই সকলৰ মুখ আজি বন্ধ হৈছে বুলি মন্তব্য কৰে বিধায়ক হুদাই।

ইফালে ৰায় দানৰ পাছতে এ আই ইউ ডি এফৰ নেতাসকলে কৃতিত্ব লোৱাৰ বাবে চেষ্টা কৰা দেখা গৈছে। এই সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্ন উত্তৰত কয় যে মই জনাত ইউ ডি এফ দলে কোনো আপীল কৰা নাছিল। কংগ্ৰেছৰহে সাত গৰাকী বিধায়ক, জমিয়ত উলেমা আৰু আমছুৱে এই গুৰুত্বপূৰ্ণ বিষয়টো লৈ ন্যায়ালয়ৰ কাষ চাপিছিল। ইফালে মৃণাল শইকীয়া আৰু শিলাদিত্যৰ মন্তব্যকো গৰিহণা দি অলপতে শিলচৰত এটা সম্প্ৰদায়ৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি লবলৈ উচটনিমূলক বক্তব্য দিয়া হিন্দু সংহতি মঞ্চৰ সভাপতি দেবতনু ভট্টাচাৰ্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী তোলে। বিধায়কজনে কয় যে- অখিলেও অস্ত্ৰ হাতত তুলি ল’ব বুলি কৈছিল আৰু দেবতনুৱে অস্ত্ৰ তুলি লবলৈ উচটনি জনাইছে । অখিলে সঁচা কথা কয় সেয়ে সঁচা কথাবিলাক তল পেলাবৰ বাবে অখিলক গ্ৰেপ্তাৰ কৰিলে কিন্তু অসমত সাম্প্ৰদায়িক বীজ সিচি অসমৰ পৰিস্থিতি বেয়া কৰিব বিচৰা সকলক গ্ৰেপ্তাৰ কৰা নাই।অখিলতকৈ দেবতনু এখোজ আগুৱাই গৈছে এটা সম্প্ৰদায়ৰ বিৰুদ্ধে উচটাইছে তেওঁকো এন এছ এৰ অধীনত গ্ৰেপ্তাৰ কৰিব লাগে। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কয় যে দেৱতনুক গ্ৰেপ্তাৰ নকৰাৰ আৰঁত চৰকাৰ দুমুখীয়া স্থিতি নিহিত হৈ আছে।  বিজেপি অসমত অপশাসন চলাইছে। আৰু অপশাসন বেছি দিন নচলে বুলিও মন্তব্য কৰে বিধায়ক নুৰুল হুদাই ।

Related Articles

Leave a Reply

Close