অসম
কাজিৰঙাৰ প্ৰবীন সাংবাদিক বাপকন দাসৰ মৃত্যু

কাজিৰঙাৰ পৰা ৰাজেশ বেলোৱাৰ, প্ৰথম খবৰ : কাজিৰঙাৰ প্ৰথমজন তথা প্ৰবীন সাংবাদিক, সমাজসেৱক, অৱসৰপ্ৰাপ্ত শিক্ষক বাপকন দাসৰ পৰলোক প্ৰাপ্তি হয়৷ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছিল বৰ্ষীয়ান সাংবাদিক গৰাকী। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৬ বছৰ। বৰ্ষীয়ান সাংবাদিক গৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে কাজিৰঙাত। কাজিৰঙা প্ৰেছ ক্লাৱ, কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থা, ৱাইল্ড ভিউ ফাউণ্ডেশ্বন,কাজিৰঙা সন্ধ্যাৰ শোক প্ৰকাশ। প্ৰবীন সাংবাদিক গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি কাজিৰঙা সন্ধ্যাই আজিৰ সাংস্কৃতিক অনুষ্ঠান বন্ধ ৰাখিছে ৷