অসম

কুকাৰপাৰত আন্তঃপঞ্চায়ত ফুটবল 

চেঙাৰপৰা মইদুল ইছলাম,প্ৰথম খবৰ:কয়াকুছি লায়ঞ্চ ক্লাবৰ উদ্যোগত বৰপেটা জিলা গ্ৰামোন্নয়ন অভিকৰণৰ সহযোগত সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত একৈশখন গাঁও পঞ্চায়তৰ মাজত চলি থকা প্ৰথম বাৰ্ষিক মৰহুম আব্দুল জলিল সিকদাৰ সোঁৱৰণী আন্তঃপঞ্চায়তৰ চলন্ত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ এখন খেল আজি কুকাৰপাৰ ঈদগাহ ময়দানত অনুষ্ঠিত হয়। খেলখন উদ্বোধন কৰি সৰুক্ষেত্ৰী বিধান সভা সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে গ্ৰামাঞ্চলত লুকাই থকা প্ৰতিভাক উলিয়াই অনাৰ উদ্দেশ্যে এই প্ৰতিযোগিতা আয়োজন কৰা বুলি কোৱাৰ লগতে খেলৰ জৰিয়তে শংকৰ-আজানৰ দেশত শান্তিৰ বাৰ্তা প্ৰেৰণ কৰা বুলিও উল্লেখ কৰে বিধায়কগৰাকীয়ে। আজিৰ খেলখন ১৬ নং দক্ষিণ-পশ্চিম সৰুক্ষেত্ৰী গাঁও পঞ্চায়ত আৰু ১৭নং মধ্য সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ মাজত অনুষ্ঠিত হয়। আজিৰ তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত ১৬ নং দক্ষিণ পশ্চিম সৰুক্ষেত্ৰী গাঁও পঞ্চায়তে ১৭নং মধ্য সৰুক্ষেত্ৰী গাঁও পঞ্চায়তক ২-০ গলত পৰাস্ত কৰে।

Related Articles

Leave a Reply

Close