অসম

কৃষি মন্ত্ৰীৰ সমষ্টিতে বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ

বাদুলিপাৰৰ পৰা পাৰ্থপ্ৰতীম বৰুৱা ,প্ৰথম খবৰ:  গোলাঘাট জিলাৰ বোকাখাত বিধান সভা সমষ্টিৰ ৰঙামাটি কৈৱৰ্ত্ত গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৯ নং চেউনী ৱাৰ্ডৰ টিকাচুকত অৰ্ধনিৰ্মিত হৈ আছে  (পৰিতক্ত অবস্থাত)জনস্বাস্থ্য কাৰিকৰী বিভাগ দেৰগাও য়ে নিৰ্মান কৰা বিশুদ্ধ খোৱা পানীৰ যোগানৰ প্ৰকল্পটো । মনকৰিবলগীয়া এইযে উল্লেখীত গুৰুতৰ সমস্যাৰ সন্দৰ্ভত আজিৰ পৰা প্ৰায় তিনিমাহ পূৰ্বে বোকাখাত বিধান সভা সমষ্টিৰ বিধায়ক তথা কৃষিমন্ত্ৰী(অসম)ৰ দৃষ্টিগোচৰৰ বাবে অসমীয়া বাতৰি কাকত “নিয়মীয়া বাৰ্তা” ত বিষয়টোৱে পৃষ্ঠা দখল কৰিছিল ।স্থানীয় ৰাইজে  জনোৱা মতে আজিৰ পৰা প্ৰায় ৭ বছৰৰ পূৰ্বে বিগত শাসনাধৃষ্ঠ কংগ্ৰেছ চৰকাৰে ঠিকাদাৰৰ জৰিয়তে এই প্ৰকল্পটো নিৰ্মানৰ কাম হাতত লৈছিল কিন্তু আজিকোপতি প্ৰকল্পটোৰ নিৰ্মানৰ কাম সম্পূৰ্ণ হৈ নুঠিল,যাৰ ফলত ৰঙামাটি চেউনী গাওঁৰ ক্ৰমে টিকাচুক,মাজৰচুক,খাতচুক,বৰবৰা চুবুৰীৰ প্ৰায় ২/৩হাজাৰৰো অধিক লোক এটুপি বিশুদ্ধ খোৱা পানিৰ বাবে হাবাথুৰি খাবলগা হৈছে পৰিণতি স্বৰূপে অঞ্চলটোৰ ৰাইজৰ মাজত বিভিন্ন ৰোগে দেখা দিয়া পৰিলক্ষিত হৈছে।এতিয়া লক্ষ্যনীয় হব মন্ত্ৰী অতুল বৰাই কি পদক্ষেপ গ্ৰহণ কৰে।

Related Articles

Leave a Reply

Close