অসম
গোৱালপাৰা জিলা নাথ যোগী সন্মিলনীৰ সোণালী জয়ন্তীৰ পূৰ্ণ প্ৰস্তুতি

আগিয়াৰ পৰা উদ্ধৱ চন্দ্ৰ নাথ, প্ৰথম খবৰ : গোৱালপাৰা জিলাৰ অন্তৰ্গত জিলা নাথ যোগী সন্মিলনীৰ অন্তৰ্ভুক্ত চৈধ্য খন নাথ যোগী আঞ্চলিকৰ সহযোগত জিলা নাথ যোগী সন্মিলনীৰ মুখ্য কাৰ্যালয় বুধি পাৰাত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে জিলা নাথ যোগীৰ সোণালী জয়ন্তী উদযাপন কৰিব বুলি জানিব পৰা গৈছে । এক প্ৰেছ বিবৃত্তিত গোৱালপাৰা জিলা নাথ যোগী সোণালী জয়ন্তী উদযাপন সমিতিৰ মুখ্য প্ৰচাৰ সম্পাদক উদ্ধৱ চন্দ্ৰ নাথে জানিবলৈ দিয়া মতে অহা ডিচেম্বৰ মাহৰ ২৩ , ২৪ আৰু ২৫ তাৰিখত তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হব সোণালী জয়ন্তী। ২৫ ডিচেম্বৰ ১৯৬৭ চনতে গঠন হোৱা পূৰ্বৰ জিলা নাথ যোগী সমিতি খন বৰ্তমানে সন্মিলনলৈ ৰূপান্তৰ হৈ উক্ত দিনত গৌৰৱেৰে ৫০ বছৰ অতিক্ৰম কৰাৰ আনন্দত জিলাখনৰ নাথ যোগী সম্প্ৰদায়ৰ প্ৰতিটো ঘৰতেই যেন সৃষ্টি হৈছে উৎসৱ মুখৰ পৰিবেশ। সেয়েহে উক্ত দিনক পালন কৰাৰ সুচিন্তা ধাৰাৰে ইতিমধ্যে জিলা সমিতিৰ সভাপতি হৰকান্ত নাথ , সম্পাদক ৰত্নেশ্বৰ নাথৰ লগতে উপদেষ্টা মণ্ডলীৰ হৈ জয় চন্দ্ৰ নাথৰ উপৰি ভালে কেইজন বিষয় ববীয়াৰ উপস্থিতিত জিলাৰ মুখ্য কাৰ্যালয় বুধি পাৰাত এখন সোণালী জয়ন্তী উদযাপন সমিতি গঠন কৰে আৰু সমিতি খন এনেধৰণৰ , সভাপতি হিচাপে ধর্ম নাৰায়ণ নাথ , কাৰ্যকৰী সভাপতি বিজয় কুমাৰ নাথ , উপ সভাপতি হিচাপে প্ৰদীপ নাথ আৰু দেৱলা নাথ । সাধাৰণ সম্পাদক হিচাপে কৰ্ণ ভূষণ নাথ আৰু সহ সম্পাদক তিনিজন ক্ৰমে প্ৰবীণ নাথ , বাপন নাথ আৰু ধ্ৰুৱ নাথ । কাৰ্য্যালয় সম্পাদক হিচাপে দুজন ক্ৰমে খগেন নাথ আৰু ভূপতি নাথ । বিত্ত সম্পাদক ক্ৰমে চিত্ৰ কুমাৰ নাথ আৰু উমা চৰণ নাথ । খাদ্য বিভাগত হৰি প্ৰসাদ নাথ আৰু হেৰাম্ব নাথ । সাংস্কৃতিক সম্পাদক হিচাপে চাৰি জন ক্ৰমে হৰেশ্বৰ নাথ , ডেভিদ নাথ , ধৰ্মেন্দ্ৰ নাথ আৰু উৎপল নাথ লগতে স্বেচ্ছাসেৱী বাহিনীৰ মূল নায়ক হিচাপে বালিজানা আঞ্চলিক নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নিত্যানন্দ নাথ আনহাতে সোণালী জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি এখন আলোচনী উলিওৱা কথা চিন্তা কৰি ৰুদ্ৰ জিত নাথক সম্পাদক আৰু দিলীপ নাথ আৰু কমল নাথক সহ সম্পাদক হিচাপে লোৱাৰ লগতে প্ৰচাৰ বিভাগত মুখ্য সম্পাদক হিচাপে উদ্ধৱ চন্দ্ৰ নাথ আৰু সহকাৰী হিচাপে হৃদয় ৰঞ্জন নাথক অৰ্পণ কৰা বুলি জানিবলৈ দিয়ে । এই তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত নাথ যোগী সকলৰ অতীত বৰ্তমান আৰু ভৱিষ্যতৰ বিষয়ে পৰ্যালোচনা হোৱাৰ লগতে এই আলোচনা চক্ৰত অসমৰ পৰিয়াল আৰু জনকল্যান তথা স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বি টি চিৰ মুখ্য সচিব হাগ্ৰামা মহিলাৰী দেৱে আমন্ত্ৰিত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি জনোৱাৰ লগতে নাথ সকলৰ ধৰ্মীয় গুৰু শিৱনাথ মহাৰাজ এই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত উপস্থিত থকাৰ লগতে বহুত জাতি জনজাতিৰ বৰমূৰীয়া সচেতন ব্যক্তি সকলক আমন্ত্ৰণ কৰাৰ কথা কোৱাৰ উপৰিও সাংস্কৃতিক শোভাযাত্ৰাত সুদূৰ কোকৰাঝাৰৰ পৰা অহা নৃত্য দলৰ পৰা নাথ যোগী সকলৰ কুশান নৃত্যৰ লগতে আমন্ত্ৰিত অতিথি শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হব বুলি জানিবলৈ দিয়ে । এই অনুষ্ঠানত স্বজাতি ব্যক্তিৰ উপৰি অন্যান্য জাতি জনজাতি সকলো ৰাইজৰে সহায় সহযোগিতা উদযাপন সমিতিয়ে কামনা কৰিছে ।