অসম

গোৱালপাৰা বনাঞ্চলৰ ভূমি উচ্ছেদৰ জাননী

আগিয়াৰ পৰা উদ্ধৱ চন্দ্ৰ নাথ, প্ৰথম খবৰ : বনাঞ্চলৰ ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰাৰ অৰ্থে অসম চৰকাৰে উচ্ছেদ অভিযান চলাই থকাৰ সময়তে যোৱা ২ ডিচেম্বৰ তাৰিখে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত থকা সংৰক্ষিত বনাঞ্চল অথবা প্ৰস্তাৱিত বনাঞ্চল সমূহ অবৈধ ভাবে দখল কৰি থকা ব্যক্তি বা প্ৰতিষ্ঠানে অহা ৩১ ডিচেম্বৰ ২০১৭ ৰ ভিতৰতে বেদখল মুক্ত কৰাৰ যি জাননী প্ৰকাশ কৰিছে সেয়া সম্পূৰ্ণৰূপে শুদ্ধ তথ্য ভিত্তিক জাননী বুলি আজি গোৱালপাৰা জিলাৰ আঞ্চলিক বন বিষয়া এ চৌধুৰীয়ে জিলা খনৰ পৰা ঘটনা সংক্ৰান্তত বুজ লবলৈ যোৱা সাংবাদিক মহলক জনায় । তেওঁ লগতে কয় যে আজি অসমৰ পৰা প্ৰকাশিত নিয়মীয়া বাৰ্তা কাকতৰ বাতৰিটো সম্পূৰ্ণৰূপে ভুল তথ্য সম্বলীত বা ভুৱা প্ৰচাৰ । ইতিমধ্যে অসম চৰকাৰে বনাঞ্চল সমূহ বেদখল মুক্ত কৰাৰ অৰ্থে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে সকলো অবৈধ বেদখল কাৰি সকলক মুক্ত কৰি দিবলৈ জাননী জাৰি কৰিছে । সেয়েহে সাধাৰণ ৰাইজে ভুল বাতৰি বা অপ প্ৰচাৰক বিশ্বাস নকৰি চৰকাৰৰ নীতি নিৰ্দেশনা মানি অহা ৩১ ডিচেম্বৰৰ ভিতৰত সকলোকে বনাঞ্চলৰ পৰা আঁতৰি যাবলৈ আজি পুনৰাই জিলা বন বিভাগে এই সংবাদ মাধ্যমেৰে জনাইছে অন্যথায় বিভাগীয় নিয়মানুসাৰে দখল কাৰীৰ বিপক্ষে উপযুক্ত প্ৰক্ৰিয়াৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা তেওঁ উল্লেখ কৰে । বিশেষ সূত্ৰে জানিব পৰা মতে গোৱালপাৰা আঞ্চলিক বন বিষয়াৰ অন্তৰ্গত মাটিয়াৰ ৭৫৬’৮০ হেক্তৰ , দহিকটা সংৰক্ষিত বনাঞ্চলৰ ১৬৮৫ ‘০৫ হেক্তৰ ৰখাপাৰাৰ ১৯৫’৯৫ হেক্তৰ , ৰাক্ষসিনী প্ৰস্তাৱিত বনাঞ্চলৰ ২৭৫৭ হেক্তৰ , নোলংগাৰ ৮৩৮’৪৬ হেক্তৰ ভূমি ইতিমধ্যে বেদখলকাৰীৰ কবলত আছে গতিকে এইখন জাননীয়ে শেষ আৰু চুড়ান্ত জাননী বুলি সকলোকে জিলা বন বিভাগে জানিবলৈ দিয়ে । অৱশ্যে জিলা বন বিভাগৰ এই প্ৰচেষ্টাক একাংশই মানি লোৱাৰ বিপৰীতে বিভিন্ন দল সংগঠনে উচ্ছেদ কৰিব লোৱা ঠাই সমূহত উচ্ছেদৰ পূৰ্বে সংস্থাপিত নকৰিলে অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ আশংকা প্ৰকাশ কৰিছে ।

Related Articles

Leave a Reply

Close