অসমশীৰ্ষ

চামগুৰিত বিজেপিৰ কৰ্মী সন্মিলন

প্ৰথম খবৰ,চামগুৰি:
নগাওঁ জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত মোৱামাৰী পঞ্চায়তত আজি বিজেপিৰ এখন কৰ্মী সন্মিলন অনুষ্ঠিত হয়।বাজিয়া মণ্ডল বিজেপিৰ সভাপতি বীৰেন বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কৰ্মী সন্মিলনখনত মুখ্য অতিথিৰূপে উপস্থিত থাকে কলিয়াবৰ জিলা সমিতিৰ বিজেপিৰ সভাপতি অনিল শইকীয়া।ভাষণ প্ৰসঙ্গত শইকীয়াই আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ওপৰত কৰ্মী সকলক দিহা পৰামৰ্শ দিয়াৰ লগতে কংগ্ৰেছ দলক নিজৰ ভাষণত তুলা ধুনা দিয়ে।

আজিৰ সভাতে কংগ্ৰেছ দল ত্যাগ কৰি হাজাৰৰো অধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে।উক্ত বিজেপি কৰ্মী সন্মিলনখনত চলমা জেচমিন,পিঙ্কী মিৰ্ধা,কৰুণা ভূঞাৰ লগতে বিজেপি কৰ্মী সকল উপস্থিত থাকে৷

Related Articles

Leave a Reply

Close