শীৰ্ষ

চিৰিয়াখানাত ৰাজুৰ অন্তিম বিদায়

আয়নাল আলী, প্ৰথম খবৰ: বন্য হস্তীৰ জাকৰ পৰা বিচ্ছিন্ন হৈ চিৰিয়াখানাত সংস্থাপিত হোৱা হাতী পোৱালিটো আৰু নাই৷ মাতৃ বিচ্ছিন্ন ৰাজুৱে মৃত্যুক সাৱটিলে চিৰিয়াখানাতেই৷
ৰাণীৰ পৰা উদ্ধাৰ কৰা তিনিমহীয়া ৰাজু মাত্ৰ কেইদিনমানৰহে আলহী হ’ল চিৰিয়াখানাত৷ বন্য হস্তীৰ জাকৰ পৰা বিচ্ছিন্ন হৈ পৰা পোৱালী হাতীটোক ৰাজু নাম দি ৰখা হৈছিল ৰাজ্যিক চিৰিয়াখানাত৷ আদৰ যত্নও কৰা হৈছিল, কিন্তু বন্য পৰিৱেশৰ পৰা চিৰিয়াখানাৰ পৰিৱেশত অভ্যস্ত হ’ব নোৱাৰা পোৱালী হাতীটোৰ বৃহস্পতিবাৰে মৃত্যু ঘটিল চিৰিয়াখানাতেই৷

Related Articles

Leave a Reply

Close