অসম

ড০ বি.আৰ.আম্বেদকাৰৰ মৃত্যু তিথিত,স্বচ্ছ ভাৰত অভিযান

 প্ৰথম খবৰ, চিচিবৰগাঁও: জ্ঞান- শীল- একতাৰ নীতিবাক্যৰে ছাত্ৰশক্তিক ৰাষ্ট্ৰ পুনঃ নিৰ্মাণৰ বাবে উদ্বুদ্ধ কৰাৰ লক্ষ্যৰে ১৯৪৮ চনত প্ৰতিষ্ঠা আৰু পিছলৈ ১৯৪৯ চনৰ ৯ জুলাই তাৰিখে আনুষ্ঠানিকভাৱে পঞ্জীভূত হোৱা সৰ্বভাৰতীয় পৰ্যায়ত শিক্ষাৰ ক্ষেত্ৰত কৰ্মৰত সৰ্ববৃহৎ সোঁপন্থী ছাত্ৰ সংগঠন হিচাপে পৰিচিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ চিচিবৰগাঁও শাখাই আজি ভাৰতীয় আইনজ্ঞ, ৰাজনৈতিক নেতা, দাৰ্শনিক, বুৰঞ্জীবিদ, অৰ্থনীতিবিদ, শিক্ষক, লেখক তথা প্ৰথমগৰাকী আইনমন্ত্ৰী ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ ৬১ সংখ্যক মৃত্যুতিথি উপলক্ষে চিচিবৰগাঁও চাৰিআলিৰ মাজমজিয়াত স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰথম কাৰ্যসূচী অনুসৰি ড০ বি. আৰ. আম্বেদকাৰৰ প্ৰতিচ্ছবিৰ আগত বন্তি প্ৰজ্বলন কৰি চিচিবৰগাঁও গাঁও পঞ্চায়তৰ সভাপতি ভূপেন চুতীয়াই কয় যে, স্বচ্ছ ভাৰত অভিযান ভাৰত চৰকাৰৰ উদ্যোগত চলা এক অভিযান যাৰ উদ্দেশ্য সকলোকে দ্ৰুতগতিত সাৰ্বজনীন অনাময় ব্যৱস্থাৰ আওঁতালৈ অনা আৰু লগতে ব্যক্তিগত অনাময় ব্যৱস্থাৰ আৱশ্যকতা আৰু দেশখনক চাফ-চিকুণ কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ প্ৰতি মানুহক সচেতন কৰি তোলা। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনৰ ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনা উক্ত উদ্দেশ্য আগত ৰাখি এই স্বচ্ছ ভাৰত অভিযানৰ শুভাৰম্ভণি কৰিছিল। স্বচ্ছ ভাৰত অভিযান আগৰ নিৰ্মল ভাৰত অভিযানৰেই অন্য এক ৰূপ। ২০১৯ চনৰ ভিতৰত এখন স্বচ্ছ ভাৰত সাৰ্থক কৰায়ে এই অভিযানৰ লক্ষ্য হিচাপে লোৱা হৈছে যি মহামানৱ মহাত্মা গান্ধীৰ ২০১৯ চনত হ’বলগীয়া ১৫০ তম্ জন্মবাৰ্ষিকীত তেওঁৰ প্ৰতি উপযুক্ত শ্ৰদ্ধাঞ্জলি হ’ব। উল্লেখ্য যে, কাৰ্যসূচীত চিচিবৰগাঁও শাখাৰ সম্পাদক মাধৱ হাজৰিকা আৰু উপ- সভাপতি ৰঞ্জন ভূঞাই বিশেষভাৱে উপস্থিত থাকি শাখাৰ সমূহ কৰ্ম- কৰ্তাৰ সৈতে লোৱা এই পদক্ষেপক অতিকৈ আদৰণীয় বুলি মতপোষণ কৰিছে চিচিবৰগাঁৱৰ ৰাইজে।

Related Articles

Leave a Reply

Close