অসমশীৰ্ষ

নগাঁৱত বনকৰ্মীক আক্ৰমণ,মহিলাসহ চাৰিজনক গ্ৰেপ্তাৰ

নগাঁওৰ পৰা ৱাহিদুদ জামান, প্ৰথম খবৰ : নগাওঁ জিলাৰ কন্দলিত কালি দুপৰীয়া খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি অহা ১৫০ জনীয়া বনৰীয়া হাতী খেদিবলৈ যোৱা বনকৰ্মীক একাংশ লোকে মাৰপিট কৰা ঘটনা সন্দৰ্ভত আজি নগাওঁ আৰক্ষীয়ে এগৰাকী মহিলা সহ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক কেইজন হ’ল-ননৈ আৰক্ষী চকীৰ অন্তৰ্গত ছোটকন্দলী অঞ্চলৰ সোমেশ্বৰ দৈমাৰী, ৰানুমাই দৈমাৰী, সঞ্জয় মিলিক আৰু সঞ্জয় টেৰন ।ধৃত লোক কেইজনক নগাওঁ আৰক্ষীয়ে বৰ্তমান জেৰা কৰি আছে। উল্লেখ্য যে নগাঁও জিলাৰ কন্দলি, চাপানলা, বালিজুৰি, কলিয়াবৰ আদি অঞ্চলত আজি কিছু দিন ধৰি বনৰীয়া হাতীয়ে তাণ্ডব চলাই আহিছে। সন্ধ্যা নামি আহাৰ লগে লগে এই অঞ্চল সমূহত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই অহাত ৰাইজৰ মাজত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। বনৰীয়া হাতীয়ে ঘৰ দুৱাৰ ভঙাৰ ওপৰিও খেতি পথাৰৰ বিস্তৰ ক্ষতি সাধন কৰিছে। একাংশ ভুক্তভোগী ৰাইজে অভিযোগ কৰিছে যে বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰাইজক ৰক্ষা কৰিবলৈ বনবিভাগক অবগত কৰি অহাৰ পিছতো বন বিভাগে গুৰুত্ব দিব নিবিচাৰে। জিলাখনৰ কন্দলি অঞ্চলতো বিগত কেবাদিনো ধৰি বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই আহিছিল। কালিও বনৰীয়া হাতীৰ জাক কন্দলি অঞ্চললৈ অহাৰ খবৰ লাভ কৰি বনবিভাগৰ কৰ্মীয়ে হাতী খেদাৰ চেষ্টা কৰে। স্থানীয় একাংশ উত্তেজিত লোকে কালি বনৰীয়া হাতী খেদিবলৈ যোৱা বনকৰ্মীক আক্ৰমণৰ লক্ষ্য কৰি লয়। উত্তেজিত লোকৰ আক্ৰমণত কবীন মহন্ত, গুলকান্ত হাজৰিকা, ৰূপজ্যোতি বৰা আৰু আলি হুছেইন নামৰ বন কৰ্মী কেইজন আহত হয়। ইয়াৰে আলি হুছেইন সম্প্ৰতি চিকিৎসাধীন হৈ আছে। এই ঘটনা সন্দৰ্ভত কালিয়েই নগাঁও জিলা বন সংমণ্ডল বিষয়াই ননৈ আৰক্ষীচকীত এজাহাৰ দাখিল কৰিছিল। এই এজাহাৰ ভিত্তিত আৰক্ষীয়ে আজি অভিযান চালাই উল্লিখিত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইপিনে আজি ৰাতিপুৱা বনমন্ত্ৰী প্ৰমিলাৰানী ব্ৰহ্মই নগাঁৱলৈ আহি কালি ৰাইজৰ আক্ৰমণত আহত হৈ নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লত চিকিৎসাধীন হৈ থকা আলিহুছেইন নামৰ বনকৰ্মীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে ঘটনা সন্দৰ্ভত বনবিভাগৰ বিষয়া কৰ্মচাৰীয়ে আলোচনাত মিলিত হয়। বনমন্ত্ৰী গৰাকীয়ে কালিৰ ঘটনা সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও মন্তব্য কৰে। বনমন্ত্ৰী গৰাকীয়ে কঠিয়াতলি বনাঞ্চললৈ গৈ ৰাইজৰ আক্ৰমণৰ সন্মুখীন হোৱা বনকৰ্মী কেইজনৰো খবৰ লয়।

 

Related Articles

Leave a Reply

Close