অসম

নলবাৰীত ডঃ ভীমৰাও আম্বেদকাৰৰ আৱক্ষ মূৰ্তি উন্মোচন 

নলবাৰীৰপৰা প্ৰাঞ্জল শৰ্মা,প্ৰথম খবৰ: অনূসূচিত জাতি-জনজাতি সংগঠন সমূহৰ উদ্যোগত আজি নলবাৰীত সংবিধান প্ৰণেতা,বাবা চাহেব ডঃ ভীমৰাও আম্বেদকাৰৰ মহাপ্ৰয়াণ তিথি পালন আৰু আৱক্ষ মূৰ্তি উন্মোচন অনুষ্ঠান হৈ যায় । পূৱা ন বজাত আদৰণী অনুষ্ঠান। দিনৰ১১ বজাত নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানৰ পৰা চহৰৰ ঘূৰণীয়া উদ্যানলৈ এক বৰ্ণময় সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ১১.৩০ বজাত ঘূৰণীয়া উদ্যানত স্থাপন কৰা আৱক্ষ মূৰ্তি উন্মোচন কৰে অসম অনূসূচিত জাতি পৰিষদৰ কাৰ্যকৰী সভাপতি গিৰিশ বনিয়াই। ইয়াৰ পিছতে সাংস্কৃতিক অনুষ্ঠান হয়। দিনৰ বাৰ বজাত নলবাৰী নাট্য মন্দিৰত অনূসূচিত জাতি সংযুক্ত মৰ্চা,অসমৰ সভাপতি উৎপল হাজৰিকাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। ভাৰত মুক্তি মৰ্চা,অসমৰ সভাপতি জয়ন্ত মোহন দাসে আতঁ ধৰা সভাত বামচেফৰ ৰাষ্টীয় ও আন্ত ৰাষ্টীয় অধ্যক্ষ ৱামন মৈশ্ৰাম,বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো,জৱহৰ নবোদয় বিদ্যালয়, নলবাৰীৰ অধ্যক্ষ ঘনশ্যাম মিনা,বিশিষ্ট শিক্ষাবিদ অনিল ভট্টাচাৰ্য, অশ্বিনী কুমাৰ শৰ্মা, ৰফিউল হুছেইন বৰুৱা,কবি জিতেন্দ্ৰ কুমাৰ জৈন, বামচেফ, অসমৰ তত্বাৱধায়ক বিজয় কুমাৰ সিং,  বামচেফ অসম শাখাৰ সভাপতি অবনী কুমাৰ দাস, সদৌ অসম অনূসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি যুগল কিশোৰ বণীয়া সহ কেইবজনো বিশিষ্ট ব্যক্তি মঞ্চ শুৱনি কৰে। সংবিধান প্ৰণেতা গৰাকীৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা আৰু সাংবাদিক দিলিপ বৰ্মনে সম্পাদনা কৰা স্মৃতি গ্ৰন্থ খন সভাত উন্মোচন কৰে-ৱামন মৈশ্ৰামে। উন্মোচনী ভাষনত মৈশ্ৰামে কয় যে ডঃ ভীমৰাও আম্বেদকাৰ আছিল এগৰাকী মানৱতাবাদী লোক।  যাৰ হৃদয়ত নাছিল কোনো আপোন-পৰ,উচচ-নীচ। মাথো সমন্বয়ৰ প্ৰতীক হিচাপে দেশ তথা জনতাৰ কাম কৰিছিল। তেওঁৰ বিশেষ চেষ্টাতে ভাৰতৰ সংবিধান ৰচিত হৈছিল। ভাষন প্ৰসংগত মৈশ্ৰামে কয় যে আম্বেদকাৰে অনূসূচিত জাতি জনজাতি লোক সকলৰ বাবে যথেষ্ট কৰিছিল বুলিও দোহাৰে। সভাত শিক্ষাবিদ অশ্বিনী কুমাৰ শৰ্মাই ভাষনত কয় যে-যুগ পুৰুষ আম্বেদকাৰে দেশক ন দিশেৰে আগবঢ়াই নিছিল আৰু এতিয়া তাৰ সুফল দেশবাসীয়ে লাভ কৰিছে বুলি দোহাৰে ।

Related Articles

Leave a Reply

Close