অসমশীৰ্ষ

নলবাৰীত প্ৰেমৰ বাবে হত্যাকাণ্ড, পিতা -পুত্ৰ আৰক্ষীৰ জালত

প্ৰথম খবৰ , নলবাৰী – এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গল সমগ্ৰ নলবাৰী । এগৰাকী ন বিবাহিতা বোৱাৰীৰ মৃত্যুই তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে । জানিব পৰা মতে নলবাৰীৰ বাকৰিকুছি গাওঁৰ চিৰাজ আলীৰ 20 বছৰীয়া কন্যা তাছমিনা বেগম দুই বছৰ পূৰ্বে সামাজিক ভাৱে বিবাহ হৈছিল একেখন গাঁওৰে ইব্ৰাহীম আলীৰ পুত্ৰ জয়নাল আলীৰ সৈতে । উল্লেখ্য যে চিৰাজ আলীৰ কন্যা তাছমিনাক বিদ্যালয় লৈ যাওতে পলাই লৈ গৈছিল প্ৰেমিক জয়নাল আলীয়ে । ইয়াৰ পিছৰ পৰাই তাছমিনাই জয়নাল আলীৰ পত্নী হিচাপে দিন অতিবাহিত কৰিছিল । এনেদৰে কিছুদিন যোৱাৰ পিছত তাছমিনাৰ ওপৰত নানা কথাক লৈ তথা যৌতুকৰ বাবে শাৰীৰিক- মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে । স্থানীয় লোক তথা সংখ্যালঘু সংগঠন আমছুই জয়নাল আলীৰ ঘৰত গৈ সমাধানৰ চেষ্টা কৰিছিল যদিও ঘাটক স্বামী উদ্দেশ্য আছিল একলাখ টকা শহুৰৰ পৰিয়ালৰ পৰা সৰোকোৱা । মূলত অভিযোগ অনুসৰি তাছমিনাৰ পিতৃৰ পৰা জয়নালে যৌতুকৰ বাবদ দাবী কৰিছিল এই এক লাখটকা । গৰীৱ তাছমিনাৰ পিতৃ চিৰাজ আলীয়ে দিব পৰা নাছিল এই টকা । যাৰ পৰিণতিত আজি বিষয়টো হত্যাকাণ্ডৰ দিশে ধাবমান হল । পৰিয়ালৰ লোকে অভিযোগ কৰা মতে এটা বন্ধ কোঠাৰ ভিতৰত তাছমিনাক আজি হাত ভৰি বান্ধি ডিঙি চেপি হত্যা কৰিছে স্বামী জয়নাল আলী আৰু শহুৰ ইব্ৰাহীম আলীয়ে । ইপিনে তাছমিনাৰ পিতৃ পৰিয়ালে স্থানীয় থানাত এজাহাৰ দাখিল কৰিছে আৰু উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে লম্পট স্বামী জয়নাল আৰু শহুৰ ইব্ৰাহীমক আটক কৰি সোধা পোছা কৰিছে । আনহাতে তাছমিনাৰ মৃতদেহ নলবাৰী অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰা হয় । ইপিনে স্বামীৰ পৰিয়ালে তাছমিনাই আত্মহত্যা কৰা বুলি অপপ্ৰচাৰ কৰি আছে । আৰক্ষীৰ তদন্তত হে ওলাব প্ৰকৃত দোষী কোন

Related Articles

Leave a Reply

Close