অসমশীৰ্ষ

নৰেন্দ্ৰ মোডীয়ে বুৰঞ্জী পঢ়ক:ৰিপুণ বৰা

নিউজ ডেস্ক,প্ৰথম খবৰ:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাহুল গান্ধীক কেন্দ্ৰ কৰি প্ৰক্ষেপ কৰা বাক্যবাণৰ বিৰুদ্ধে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই ৰাজীৱ ভৱনত আয়োজিত এক সংবাদমেলত তীক্ষ্ণ মন্তব্য আগবঢ়ায়। তেঁও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক গৰিহণা দি কয় যে- প্ৰধানমন্ত্ৰীৰ অন্য কৰিবলগীয়া কাম নাই নেকি? অকল ৰাহুল গান্ধীক ইতিকিং কৰাত যে ব্যস্ত হৈ পৰিছে । বিকাশ উন্নয়নৰ কথা কৈ ক্ষমতাত অহাৰ পিছত এতিয়া বিকাশৰ কথা পাহৰি, এগৰাকী ব্যক্তিৰ পিছত কিয় লাগি আছে?
সংবাদমেলত ৰিপুণ বৰাই প্ৰধানমন্ত্ৰীক ওলোটাই অমিত শ্বাহৰ সভাপতিত্বক লৈ প্ৰশ্ন কৰে। লগতে কংগ্ৰেছৰ আভ্যন্তৰীণ কথাত মূৰ ঘমোৱাৰ প্ৰয়োজন নাই বুলি সকিয়াই দিয়ে আৰু এয়া প্ৰধানমন্ত্ৰীৰ হতাশাৰ চিন বুলি কয়।

Related Articles

Leave a Reply

Close