অসম

বগীধলাত কাণ্ডত আহতক চেক প্ৰদান

প্ৰথম খবৰ, মুৰফুলনি: যোৱা ১৩ ডিচেম্বৰত বগীধলা চাহবাগিচাত মালিকৰ গুলীত আহত হোৱা শ্ৰমিকসকলক অসম চৰকাৰৰ তৰফৰ পৰা এককালীন সাহায্য আগবঢ়োৱা হৈছে। গুৰুতৰভাৱে আহতসকলক এক লাখ টকা আৰু কম আহতসকলক ৫০ হাজাৰকৈ মুঠ তেৰজন লোকক সাহায্য প্ৰদান কৰে । গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ ৰয়, উপায়ুক্ত গৌৰৱ বোথ্ৰা, চক্ৰ বিষয়া শ্যামলক্ষেত্ৰ গগৈৰ উপস্থিতিত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই মৰঙি চক্ৰবিষয়াৰ কাৰ্যালয়ত চেক প্ৰদান কৰে ।

Related Articles

Leave a Reply

Close