অসমশীৰ্ষ

বাদুলিপাৰ ইণ্ডিয়ান বেংকত গ্ৰাহকৰ পৰা টকা আত্মসাৎ , বেংক কৰ্মচাৰী জড়িতৰ সন্দেহ

প্ৰথম খবৰ, বাদুলিপাৰ : গোলাঘাট জিলাৰ বাদুলিপাৰ অৱস্থিত ইণ্ডিয়ান বেংকৰ ৰঙামাটি শাখাত বৃহৎ অনিয়ম ।
১০ লাখৰো অধিক টকা গ্ৰাহকৰ পৰা আত্মসাৎ কৰিলে বেংক মিত্ৰ পল্লৱ গগৈয়ে এই অভিযোগ আনিছে বেংকটোৰ বহু গ্ৰাহকে ।
উল্লেখ যে বাদুলিপাৰ অৱস্থিত ৰঙামাটি শাখাৰ ইণ্ডিয়ান বেংকৰ শাখাটোৰ বেংক মিত্ৰ পল্লৱ গগৈয়ে গ্ৰামাঞ্চলৰ গ্ৰাহকৰ পৰা সংগ্ৰহ কৰাৰ ১০ লাখৰো অধিক টকা অতি কৌশলেৰে হৰলুকি কৰে বুলি জানিব পৰা হৈছে ।
আজি পুৱাই বহু গ্ৰাহকে নিজৰ প্ৰাপ্য জমা টকা বেংকৰ পাচবুকত আপডেট কৰিবলৈ আহি নিজৰ একাউণ্ট জমা টকা নেদেখি হতবাক হৈ পৰে । লগতে উক্ত বিষয়টো বেংকটোৰ সঞ্চালক গৰাকীক  অৱগত কৰাত বেংকৰ সঞ্চালক গৰাকীয়ে অজ্ঞতা প্ৰকাশ কৰাত গ্ৰাহক সকল ক্ষোভিত হৈ পৰে ।
বেংকটোৰ সঞ্চালক গৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে যে পল্লৱ গগৈয়ে কৰা অনিয়মৰ সম্পৰ্কে ইতিমধ্যে আৰক্ষী সহায় লোৱা হৈছে ।

Related Articles

Leave a Reply

Close