অসমশীৰ্ষ

বৰপেটাৰ ‘ আলোড়নৰ’ পদক্ষেপ নলবাৰী শান্তি নিবাস অনাথ আশ্ৰমৰ আৱাসীৰে মতবিনিময় 

প্ৰথম খবৰ, নলবাৰী: বৰপেটাৰ স্বেচ্ছাসেৱী সংগঠন ‘ আলোড়নৰ ‘ সদস্য সকলে আজি নলবাৰীত দেখুৱালে ব্যতিক্ৰমী পদক্ষেপ। নলবাৰী চহৰৰ ‘শান্তি নিবাস অনাথ আশ্ৰম’ৰ বৃদ্ধ ককা, আইতা,কণ কণ শিশু সকলৰ লগতে আৱাসী সকলৰ সৈতে মত বিনিময় কৰি অভিভূত হৈ পৰিল। ‘আলোড়ন’ ৰ সভাপতি মৃদুল কুমাৰ তালুকদাৰ, সম্পাদক অভি দেউৰী, বিষয়ববীয়া লিলি ওজা, তুলিকা বৰ্মন, কংকন দাস, কাজল দাস, দিম্পল দাস, ৰাখল চন্দ্ৰ দাস, কৃষ্ণাংগ সাউদ, টিপু চুলতান, মানৱজ্যোতি গোস্বামীৰ নেতৃত্বত অহা দলটো অনাথ আশ্ৰমত উপস্থিত হৈ আৱাসী সকলৰ মাজত জাৰৰ কাপোৰ সহ ফল মূল বিতৰণ কৰে । আনহাতে বৰপেটাৰ বিশিষ্ট সমাজকৰ্মী ৰাতুল দেৱ শৰ্মাই আজিৰ অনুষ্ঠানটোৰ মূখ্য পৃষ্ঠপোষক হিচাপে উপস্থিত থাকি অনুষ্ঠানটো অধিক মনোগ্ৰাহী কৰি তোলে। উল্লেখ্য যে আলোড়নৰ সদস্য সকলে আশ্ৰমৰ আৱাসীৰ মুখেৰে পৰিচালক তথা সাংবাদিক মজিবুৰ ৰহমানৰ আতিথ্যৰ কথা শুনি মুগ্ধ হৈ পৰে । উক্ত আশ্ৰমলৈ বৰ্তমান  ৩৭৩  গৰাকী আৱাসী আগমন ঘটে । ইয়াৰে ৩৩০  গৰাকী আৱাসীক পৰিচালক ৰহমানে সুদীৰ্ঘ বছৰত কাউন্সেলিংৰ জৰিয়তে পৰিয়ালক চমজি দিবলৈ সক্ষম হৈছে ।

Related Articles

Leave a Reply

Close