অসমশীৰ্ষ

ভূৰাগাওঁৰ বানমুৰীত ভয়াবহ অগ্নিকাণ্ড : জাহ গল দুটাকৈ ব্যৱসায়িক প্ৰতিষ্ঠান

লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম, প্ৰথম খবৰ: মৰিগাঁও জিলাৰ ভূৰাগাঁও থানাৰ অন্তৰ্গত বানমুৰি গাৱত আজি সংগঠিত হয় এক ভয়াবহ অগ্নিকাণ্ড।অগ্নিকাণ্ডৰ ফলত দুটা ব্যৱসায় প্ৰতিষ্ঠান জুইত সম্পূৰ্নৰূপে জাহ যায়। গাওঁখনৰে স্বপন বড়ো নামৰ দোকানীজনে আজি প্ৰথম বাৰৰ বাবে দোকানখন মুকলি কৰিছিল। মুকলি কৰাৰ বাবে দোকানি জনে দোকানখনত জ্বলাইছিল এগছি চাকি। তাৰ পাছত দোকান বন্ধ কৰি ঘৰলৈ যোৱাৰ পাছতেই সংঘটিত হয় এই ভয়াবহ অগ্নিকাণ্ড।উল্লেখ্য যে নতুনকৈ খোলা দোকানখনত পেট্ৰল,ডিজেল,কেৰাচিন আদি সামগ্ৰীৰ ভৰ্তী ড্ৰাম বিক্ৰীৰ বাবে ৰাখিছিল দোকানীজনে। তৎক্ষনাতে জুইৰ লেলিহান শিখাই ঠাইখিনিত আগুচি ধৰাত হুৱা দুৱা লাগে অঞ্চলবাসীৰ মাজত। অগ্নিকাণ্ডৰ ফলত কোনো লোকৰ হতাহতি হোৱা নাই যদিও লক্ষাধিক টকাৰ সামগ্ৰী জুইত ভস্মিভূত হয়। অৱশেষত অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত অগ্নী নিৰ্বাপন কৰিবলৈ সক্ষম হয়।দোকানখনত থকা পেট্ৰল আৰু ডিজেলৰ পৰাই এই অগ্নীকাণ্ডৰ সূত্ৰপাত হোৱা বুলি স্হানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে।

Related Articles

Leave a Reply

Close