অসম

মহানুভৱতাৰ নিদৰ্শন, আমচাঙৰ উচ্ছেদিত দৰিদ্ৰ কৃষকৰ পাঁচটা পৰিয়ালক সংস্থাপন কৰিব নগাঁৱৰ ৰাজনাৰায়ন বৰাই 

প্ৰথম খবৰ, নগাঁও: “জাতি-মাটি-ভেটিৰ কথা কৈ জাতি ৰক্ষা কৰাটো সম্ভৱ নহয়। হাতে কামে লাগি কাম কৰিলেহে  প্ৰকৃতিতে জাতি ৰক্ষা হ’ব।”- এই কথাক সাৰোগত কৰিয়ে নগাঁৱৰ এগৰাকী ব্যাক্তিয়ে মহানুভাৱতাৰ পৰিচয় দি আমচাঙত উচ্ছেদৰ বলি হোৱা পাচটা দৰিদ্ৰ কৃষক পৰিয়ালক নগাঁৱৰ নিজৰ ভূমিত সংস্থাপন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আজি সাংবাদিকৰ আগত নিজৰ এই মনোভাৱৰ কথা উল্লেখ কৰি নগাঁও চহৰৰ লাওখোৱা পথ নিবাসী ৰাজণাৰায়ন বৰাই কয় – যিসকল ভূমিহীন লোকে দিন হাজিৰা কৰি নাইবা কৃষি কৰ্ম কৰি পৰিয়ালটোক কোনো মতে পোহপাল দি আছে, সেইসকলকৰ পাচটা পৰিয়ালক সংস্থাপন দিয়াৰ লগতে কৰ্মসংস্থাপনৰ বাট দেখুওৱাব। বৰাই আমচাঙৰ উচ্ছেদিত লোকৰ অবৰ্ণনীয় দুৰ্দশা দেখি মৰ্মাহত হৈ পৰা এই লোকজনে এইদৰে নিজৰ পৈতৃক সম্পত্তিৰে ভূমিহীন লোকক সংস্থাপন কৰিবলৈ আগবাঢ়ি আহি মানৱতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।

বিভিন্ন সামাজিক আৰু সাংস্কৃতিক কাম-কাজৰ লগত জৰিত লোকজনে আমচাঙৰ উচ্ছেদ লোকসকলে ৯৪৩৫১৬০০২৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

 

Related Articles

Leave a Reply

Close