অসমশীৰ্ষ

মোক মিডিয়াই জেৰা কৰা এৰি কাম কৰিবলৈ সুবিধা দিয়ক :ড° হিমন্ত বিশ্ব শৰ্মা

নগাঁওৰ পৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: মোক মিডিয়াই জেৰা কৰা এৰি কাম কৰিবলৈ সুবিধা দিয়ক, বহুত কাম কৰিবলৈ বাকী আছে- এই মন্তব্য ৰাজ্যৰ স্বাস্থ্য, শিক্ষা আৰু বিত্ত  বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । আজি নগাঁৱৰ মহখুলীত নিৰ্মীয়মান মেডিকেল কলেজ আকস্মিক ভাৱে পৰিদৰ্শন কৰিবলৈ আহি  সংবাদ মাধ্যমৰ পৰা গা এৰাই চলি এই মন্তৱ্য দিয়াৰ লগতে কয় যে মোক কাম কৰিবলৈ সুবিধা দিয়ক। মেডিকেল কলেজৰ কাম কাজৰ খতিয়ান লোৱাৰ পাছত সাংবাদিকে এছ এম এছ প্ৰসঙ্গত সোধা প্ৰশ্নৰ উত্তৰত  মন্ত্ৰীজনে এই মন্তব্য আগবঢ়াই কয় – পুৱা কামাখ্যা দৰ্শনৰ পাছত সংবাদ মাধ্যমক আধা ঘণ্টা এই বিষয়ে মত বিননিময় কৰি কয়।  নগাঁও মেডিকেল কলেজৰ নিৰ্মাণৰত অগগ্ৰতিৰ বুজ লৈ প্ৰসঙ্গ ক্ৰমে মন্ত্ৰী গৰাকীয়ে অহা তিনি বছৰৰ ভিতৰত নগাঁও মেডিকেল কলেজ কাৰ্যক্ষম হব বুলি ও সদৰী কৰে।

 

Related Articles

Leave a Reply

Close