অসম

লামডিঙত চোৰৰ চাফাই অভিযান

প্ৰথম খবৰ,লামডিং:কেদিনাই লামডিং আপাৰ বাবুপটিত সীমা দেৱ নামৰ ৰেলৱে কৰ্মী 640A নং ৰে’লৱে আৱাস গৃহত আৰু সুভাষ পল্লীৰ তাপস মজুমদাৰৰ ঘৰত চোৰে চলায় চাফাই অভিযান। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে এই ঘটনা সংঘটিত কৰে৷ সীমা দেৱ ঘৰত চুৰি কৰি লৈ গ’ল LCD টিভি,সোণৰ অলংকাৰ,নগদ ধন আৰু গুৰুত্বপূৰ্ণ নথি-পত্ৰ।

আনফালে তাপস মজুমদাৰ ঘৰৰ পৰা সোণৰ অলংকাৰ আৰু নগদ ২·৫০ টকা লৈ উধাও হয় ৷ ৰাইজৰ অভিযোগ আৰক্ষীৰ গাফিলতি বাবেই এতিয়া সুৰক্ষিত নহয় লামডিং চহৰৰ আবাস গৃহ সমূহ৷ এটা পাছত এটাকৈ সঘনাই ৰে’ল কৰ্মী আবাসত চোৰে চলাইছে তাণ্ডৱ৷

Related Articles

Leave a Reply

Close