অসমশীৰ্ষ

শিৱসাগৰত বিদেশী দৰাই পানি গ্ৰহণ কৰিলে ৰংপুৰীয়া গাভৰুৰ, ইটালিৰ এলেক্সৰ সৈতে শিৱসাগৰৰ মুনমীৰ চকলং

প্ৰথম খবৰ, শিৱসাগৰ: শিৱসাগৰত এজন বিদেশী বিয়া ইটালীৰ দৰা আৰু মঠাদাংৰ কইনা। এখন বহুৰঙী চকলং বিয়া।
ৱও চাওকাউ। আহোম দেউধাই বাইলুংৰ মন্ত্ৰত চকলং নিয়মত বিয়া অনুষ্ঠিত হয় শিৱসাগৰত।বিয়াৰ দৰা সুদূৰ ইটালিৰ। কইনা মঠাদাঙৰ মুনমী।দৰাৰ নাম এলেক্স এন্দ্ৰো ইমনাচি। মুনমী ইটালীত চাকৰি কৰি থাকোতে লগ পাইছিলে এলেক্সক। তাৰ পাছত প্ৰেম অৱশেষত বিয়া।

শিৱসাগৰৰ মঠাদাঙত সোমবাৰে দুয়োৰে যুগ্ম জীৱন আৰম্ভ হয়। ইটালিৰ চফটৱেৰ ইঞ্জিনীয়াৰ এলেক্স আৰু ইটালিত বিপণনৰ চাকৰি কৰা মুনমীৰ বিয়াত সুখী ইটালিৰ দৰা তথা অসমৰ জোঁৱাই হৈ সুখী ইটালিৰ দৰা। লগতে এই বিয়াত সুখী শিৱসাগৰৰ মুনমীৰ পৰিয়াল।

ধুমধামেৰে এই বিয়া সম্পন্ন কৰি শিৱসাগৰৰ গগৈ পৰিয়াল। অসম আহোম সম্পদায়ৰ বিধিকো প্ৰশংসা কৰিলে ইটালিৰ বৰে। সুদূৰ ইটালিত অসমৰ আদৰৰ কথা প্ৰচাৰ কৰাৰ লগতে গৌৰাম্বিত হৈ অনুভৱ প্ৰকাশ কৰিলে ইটালিৰ দৰাই।

Related Articles

Leave a Reply

Close