অসম

শ্ৰীনগৰৰ এটা কানাড়া বেঙ্কত কোটি টকা আত্মসাৎ  কৰি ধৰা পৰিল দেৰগাঁৱৰ  এজন ব্যক্তি

প্ৰথম খবৰ,দেৰগাওঁ: সোমবাৰে পুৱা শ্ৰীনগৰৰ মাইচুমা থানাৰ ৩ জনীয়া এটা আৰক্ষী দলে দেৰগাওঁ আৰক্ষীৰ সহযোগত দেৰগাঁৱৰ কুমাৰগাঁৱৰ নিজা গৃহৰ পৰা গ্ৰেপ্তাৰ কৰে মুক্তি নাথ দলে নামৰ এজন লোকক।

শ্ৰী নগৰৰ আৰক্ষী অধীক্ষক আৰু সাংবাদিকৰে হোৱা টেলিফোনিক বাৰ্তাৰপৰা জানিব পৰা মতে মুক্তি নাথ দলে শ্ৰীনগৰৰ কানাড়া বেঙ্কৰ বদছা চ’ক শাখাত পৰিচালক হিচাপে কাম কৰি থকা সময়ত ১৩ কোটিৰো অধিক টকা আত্মসাত্ কৰি নিজ গৃহত আত্মগোপন কৰি আছিল।  শাখাটোৰ বৰ্তমানৰ পৰিচালকে মাইচুমা থানাত ৪০/২০১৭ নম্বৰৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে মুক্তি নাথ দলেক।

শাখাটোত কৰ্মৰত অৱস্থাত দলেই বিভিন্ন ভূৱা প্ৰতিষ্ঠান আৰু নিজ পৰিয়ালৰ একাধিক সদস্যৰ ভূৱা প্ৰতিষ্ঠানৰ নামতো ঋণ প্ৰদান কৰি আত্মসাত্ কৰে প্ৰায় ৮ কোটি টকা।  একে সূত্ৰৰপৰা জানিব পৰা মতে আৰু দুই এক গোচৰৰ অনুসন্ধানত এক বৃহৎ পৰিমাণৰ টকা আত্মসাতৰ তথ্য পোহৰলৈ আহিব।  তিনি বছৰ পূৰ্বেই এই ঘটনা সংঘটিত কৰি বেমাৰৰ অজুহাত দেখুৱাই আত্মগোপন কৰা মুক্তি নাথ দলেক ৪২০,৪৬৭,৪৬০,৪৭১, ১২০(বি) ধাৰাত গ্ৰেপ্তাৰ কৰে।

Related Articles

Leave a Reply

Close