অসম

সদৌ অসম ভূঞা সমাজৰ বিশ্বনাথ জিলা প্ৰতিষ্ঠা দিৱস সম্পন্ন

প্ৰথম খবৰ, বৰগাং: বিহালীৰ শ্বহীদ বীৰ বীৰ্ছা মূণ্ডাৰ ৰঙ্গমঞ্চত এদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভূঞাঁ সমাজৰ বিশ্বনাথ জিলা সমিতিৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সম্পন্ন হয় ৷ পুৱা ৮ বজাত সংগঠনটোৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি ভীমা ভূঞাঁই পতাকা উত্তোলন কৰে। আনহাতে স্মৃতি তৰ্পন কাৰ্যসূচী ৰূপায়ন কৰে জিলা সমিতিৰ উপদেষ্ঠা তাৰা ভূঞাঁই, বৃক্ষৰোপণ কাৰ্যসূচী শুভাৰম্ভনি কৰে উপদেষ্ঠা চুকু ভূঞাঁই৷ ইফালে সম্পাদক কৰণ ভূঞাঁই আঁতধৰা দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ মুল কাৰ্যসূচী আৰম্ভ হয় দিনৰ প্ৰায় ১ বজাৰ পৰা৷ সভাখনত সভাপতিত্ব কৰে জিলা সমিতিৰ সভাপতি ভীমা ভূঞাঁই৷ সভাৰ উদ্যেশ্য বাখ্যা কৰে সম্পাদক কৰণ ভূঞাঁই৷ সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ সম্পাদক অজিৎ কূৰ্মী,সমাজসেৱক প্ৰেমলাল গঞ্জু, বিহালী আঞ্চলিক বিৰ্জা সমাজৰ সম্পাদক দিলীপ তেলহান ,বিশ্বনাথ জিলা প্ৰজা সমাজৰ সাংগঠনিক সম্পাদক ধনীৰাম ভূঞাঁ,কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক কৈলাশ ভূঞাঁ,কেদ্ৰীয় সদস্য যমুনা ভূঞাঁ,বিহালী আঞ্চলিক আছাৰ সভাপতি সঞ্জীৱ কুমাৰ তাঁতি, সংগঠনটোৰ শোণিতপুৰ জিলা উপদেষ্ঠা লক্ষণ ভূঞাঁ,পঞ্চানন ভূঞাঁ,মানিক ভূঞাঁ, অজিত ভূঞাঁ,ৰামলাল ভূঞাঁ,উপ সভাপতি বিৰেন ভূঞাঁ আদি৷ সভাত আদিবাসী জনগোষ্ঠীৰ আৰ্থ-সমাজিক, শৈক্ষিক,পৰম্পৰা,কু-সংস্কাৰ দূৰীকৰণৰ সন্দৰ্ভত বহল আলোচনা আগবঢ়াই বহুকেইগৰাকী ব্যক্তি৷ লগতে মূলসভা অনুষ্ঠানতে ভূঞাঁ সমাজৰ বিভিন্ন কলা সংস্কৃতি গীত-মাত পৰিবেশন হয়৷

Related Articles

Leave a Reply

Close