অসমশীৰ্ষ

সোণাজুলি কাণ্ডৰ ৩ বছৰ, কেতিয়া কৰায়ত্ত হ’ব অপৰাধী

বিশ্বনাথ চাৰিআলিৰপৰা ভূচিত্ৰ দাধৰা , প্ৰথম খবৰ: আজি অভিশপ্ত ২৩ ডিচেম্বৰ। আজিৰ দিনটোতেই ২০১৪ চনত সংবিজিত পন্থী এন ডি এফ বিয়ে  ৰাজ্যত চলাইছিল এলানি হত্যালীলা। ৰাজ্যৰ আন আন ঠাইৰ লগতে বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ ফুলবাৰীত উগ্ৰপন্থী সংগঠনটোৱে নিৰ্বিচাৰভাৱে গুলী চলাই হত্যা কৰিছিল ৩১ জনকৈ নিৰীহ লোকক।

হত্যাকাণ্ড ইমানেই ভয়াবহ আছিল নিৰ্বোধ শিশুৰপৰা বৃদ্ধলৈকে ৩১ জন লোক নিহত হৈছিল। উগ্ৰপন্থীৰ নৃসংশতা দেখি সেই সময়ত ঘৰ-দুৱাৰ এৰি পলায়ন কৰিছিল ফুলবাৰীবাসীয়ে। অসমৰ বিভিন্ন ঠাইৰ লোকে আহি ঘৰ দুৱাৰ এৰি পলায়ণ কৰা লোকসকলক সহায়ৰ হাত আগবঢ়াইছিল আৰু তেওঁলোকৰ দুখত সমভাগী হৈছিলহি।

আজি এই ঘটনা সংঘটিত হোৱা ৩ বছৰ সম্পূৰ্ণ হ’ল। আজিৰ এই দিনটোত ফুলবাৰীবাসীয়ে সুঁৱৰিলে নিহতসকলক। নিজৰ আত্মীয় স্বজনক হেৰুওৱা ফুলবাৰী বাসী নিহত সকলৰ স্মৃতি সৌধৰ কাষত উপস্থিত হৈ আজি হৈ পৰিল আৱেগিক। ৩১ জনকৈ আত্মীয়ক হেৰুৱাৰ দুখত পুনৰবাৰ উচুপি উঠিল পৰিয়ালৰ লোক।

ফুলবাৰী, সোণাজুলী, তিনিসুঁতিৰ স্থানীয় ৰাইজৰ উদ্যোগত আৰু সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ, অসম, চাওঁতালী ছাত্ৰ সন্থা, আছা, আটছা,চাহ জনগোষ্ঠীয় জাতীয় মহাসভা আৰু চাহ জনগোষ্ঠীসাহিত্য সভাৰ সহযোগত আজি অনুষ্ঠিত স্মৃতি দিৱসত পুৱা নিহত পৰিয়ালবৰ্গৰ দ্বাৰা স্মৃতি সৌধত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি আৰু সৰ্ব ধৰ্মীয় প্ৰাৰ্থনা কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ পিছতে সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ অসমৰ সহকাৰী সাধাৰণ সম্পাদক দিব্যজ্যোতি বৰুৱাই আঁত ধৰা আৰু আয়োজক সমিতিৰ সভাপতি কুৰ্বেশ্বৰ মাৰান্ডিৰ সভাপতিত্বত মুকলি সভা আৰু স্মৃতি চাৰণ অনুষ্ঠান অনুষ্ঠিত হয়।  

আনহাতে এই নৰসংহাৰ কাণ্ডৰ আজই তিনিটাকৈ বছৰ ওকলি গল যদিও ঘটনাৰ পিছতে মন্ত্ৰী বিধায়কে দিয়া প্ৰতিশ্ৰুতি আজিও পূৰণ নহ’ল। আজিও এজনো হত্যাকাৰী চিনাক্ত নহল এই কাণ্ডৰ। আজি অনুষ্ঠিত স্মৃতি দিৱসত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলাৰ উপ আৰক্ষী অধীক্ষক দেৱজিত নাথ, আগছুৰ জিলা সভাপতি দিলিপ গজুৰেল, টাইপা মহকুমা সমিতিৰ ৰাজীৱ গগৈ,হেমন্ত গগৈ, আটছাৰ আকাশ কিষান , বিৰাজ কিষাণ , অনন্ত সোণা, পবিত্ৰ দাস, আছাৰ অজিত কুৰ্মি, সঞ্জীৱ তাতি, বিহালী ঐক্য ছাত্ৰ মঞ্চৰ মূখ্য উপদেষ্টা দিগন্ত শইকীয়া , বিশিষ্ট সমাজ কৰ্মী প্ৰেমলাল গন্জু, পংকজ মহানন্দকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

Related Articles

Leave a Reply

Close