অসমশীৰ্ষ

সোণাৰিত আন্তঃগাওঁ পঞ্চায়ত ফুটবল প্ৰতিযোগিতা

সোণাৰিৰপৰা মিতুপৰ্ণ গগৈ,প্ৰথম খবৰ:

সোণাৰি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত  হোৱা আন্ত:গাঁও  পঞ্চায়ত প্ৰাইজমনি ফুটবল প্ৰতিযোগিতাৰ যোৱা নিশা চূড়ান্ত খেলখনৰ মূখ্য অতিথি হিচাপে উপস্থিত থাকে বিজেপিৰ সভাপতি ৰঞ্জিত দাস, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক তপন গগৈ৷ সোণাৰি, চফ্ৰাই আৰু সাপেখাতী  মন্ডল যুৱ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত  কৰা হৈছিল এই প্ৰতিযোগিতা। লংপতীয়া পঞ্চায়ত আৰু বৰহাট পঞ্চায়তৰ মাজত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত লংপতীয়া পঞ্চায়ত একাদশে বৰহাট পঞ্চায়ত একাদশক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।

Related Articles

Leave a Reply

Close