আন্তঃৰাষ্ট্ৰীয়শীৰ্ষ

স্বামী স্ত্ৰীৰ উচ্চতাৰ পাৰ্থক্যৰ বাবে সুমধুৰ হয় সাংসাৰিক জীৱন

অনুপম চৌধুৰী:

সাংসাৰিক জীৱনৰ পাতনি মেলাৰ ক্ষেত্ৰত পাত্ৰ – পাত্ৰীৰ উচ্চতাক লৈ বিভিন্ন খেলিমেলি হোৱা দেখা যায়। প্ৰত্যেকেই নিজৰ উচ্চতাৰ লগত খাপ খোৱাকৈ এগৰাকী জীৱন সংগী বিচাৰে। গবেষকসকলৰ মতে উচ্চতা মিলাই দেখাত সুন্দৰ জীৱন সংগী বাচি ললেও জীৱন সুখকৰ নহ’বও পাৰে।

গৱেষকসকলৰ মতে এখন সুন্দৰ সংসাৰ নিৰ্ভৰ কৰে দম্পতীহালৰ মাজত থকা শাৰীৰিক উচ্চতাৰ পাৰ্থক্যৰ ওপৰত। শুনিবলৈ বিশ্বাসযোগ্য নহলেও ওখ পুৰুষ আৰু চাপৰ স্ত্ৰীৰ মাজত সাংসাৰিক জীৱন বেছি মধুৰ হয় এই কথা প্ৰকাশ কৰে গৱেষকসকলে। লগতে কয় যে স্বামী স্ত্ৰীৰ মাজত উচ্চতাৰ পাৰ্থক্য যিমান বেছি হয় সাংসাৰিক সম্পৰ্ক সিমান সুখৰ হোৱাৰ লগতে উচ্চতাৰ অধিক পাৰ্থক্যৰ স্বামী – স্ত্ৰীৰ মাজত শাৰীৰিক সম্পৰ্কও অতি মধুৰ হয়।

সাধাৰণতে মহিলাসকলে ওখ পুৰুষৰ প্ৰতি অধিক আকৃষ্ট হোৱা দেখা যায় যদিও ওখ পুৰুষে সেইসকল মহিলাক যে অত্যাধিক সুখী কৰি তুলিব পাৰিছে তেনেকুৱা কোনো প্ৰমাণ দেখা পোৱা নাই এই কথা প্ৰকাশ পায় পাৰ্চনেলিটী এণ্ড ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ জাৰ্নেলত।

Related Articles

Leave a Reply

Close