বিনোদনশীৰ্ষৰাষ্ট্ৰীয়

হোটেলত পৰি ৰ’ল ৰকষ্টাৰৰ মৃতদেহ

নিউজ ডেস্ক, প্ৰথম খবৰ: সংগীতৰ সুৰেৰে সকলোৱে নচুৱাই উত্তাল কৰা বৃটিছ গায়িকা ডেনিয়েলাৰ মৃতদেহ উদ্ধাৰ হ’ল কাট্টাৰৰ এখন হোটেলত। সম্পূৰ্ণ নাম ডেনিয়েলা অ’বেঞ্জ। সংগীতৰ ঢৌৰে বৃটেইন কঁপোৱা এই গৰাকী তাৰকা জীৱনৰ শেষ সময়ত পৰিতক্ত হৈ পৰি ৰ’ল কাট্টাৰৰ এটি হোটেলৰ কোঠাত।  “দেৱিকা” নামেৰে জনসমাজত জনপ্ৰিয় হৈ পৰিছিল শিল্পী গৰাকী। মৃত্যুৰ পিছতেই শোকৰ ছাঁ বিয়পি পৰিছে সমগ্ৰ বৃটেইনত।

উল্লেখযোগ্য যে, ডেনিয়েলা ওৰফে দেৱিকাৰ মৃত্যুৰ পাছতেই শোকাকুল অনুৰাগী সকলে প্ৰকাশ কৰে যে, দীৰ্ঘদিন ধৰি গায়িকাগৰাকী মগজুৰ টিউমাৰ আৰু এপিলেক্সী ৰোগত আক্ৰান্ত হৈ আছিল। চৰম আৰ্থিক সংকটৰ বাবে তেওঁ বিদেশলৈ কাম বিচাৰি গৈছিল আৰু কাট্টাৰত গৈ উপস্থিত হোৱাৰ ৬দিন পিছতেই তেওঁ মৃতদেহ উদ্ধাৰ হয়। এটি সন্তানৰ মাতৃ এইগৰাকী তাৰকাৰ মৃত্যুৰ বাতৰিয়ে শোকৰ বন্যা বিয়পাইছে গোটেই বৃটেইন বাসীৰ মাজত।

উল্লেখনীয় যে, কাট্টাৰৰ ৰাজধানী দোহাৰ ইণ্টাৰকণ্টিনেণ্টেল হোটেলত ছমাহৰ বাবে গীত পৰিবেশন কৰিবলৈ চুক্তি স্বাক্ষৰ কৰিছিল ডেনিয়েলাই। সংগীতজ্ঞগৰাকীৰ মৃত্যুক লৈ অনুৰাগী তথা শুভাকাংশী মহলত যথেষ্ট চাঞ্চল্যকৰ প্ৰতিক্ৰিয়া দেখা গৈছে। ৰহস্যৰ আৱৰ্তত সোমাই থকা এই মৃত্যুৰ গভীৰতা উদ্ঘাটন কৰিবৰ বাবে ব্ৰিটেইন আৰক্ষীক যৎপৰোনাস্তি চেষ্টা কৰিবলৈ অনুৰাগীসকলে আহ্বান জনাইছে।

Related Articles

Leave a Reply

Close