অসম

ৰঙিয়া সমষ্টিত এনআৰচিৰ তথ্য পৰ্যবেক্ষণৰ কাম আৰম্ভ

প্ৰথম খবৰ, ৰঙিয়া: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতেই সমগ্ৰ ৰাজ্যৰ লগতে  ৰঙিয়া সমষ্টিতো আজিৰে পৰা  কৰ্মী সকলে পুনৰ আৰম্ভ  কৰিলে এনআৰচি খচৰা প্ৰকাশৰ কাম। আজি ৰঙিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন  গাওঁত  ঘৰে ঘৰে গৈ আৰম্ভ কৰে এনআৰচি ৰ তথ্য পুনৰ্নিৰীক্ষণৰ কাম । ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া এমিলী বৰুৱাৰ উপস্থিতিত শুভাৰম্ভ কৰা  হয় এই কাৰ্যসূচীৰ । আনহাতে  ৰঙিয়া মহকুমাটোৰ আটাইকেইটা  ৰাজহ চক্ৰতে আৰম্ভ হৈছে এই পৰ্যবেক্ষণৰ কাম। চৰকাৰী ভাবে গঠন কৰা পৰ্যবেক্ষকৰ দল সমূহে মহকুমাৰ প্ৰতিটো ৰাজহ চক্ৰৰ অধীনত প্ৰতিটো পঞ্চায়ত আৰু নগৰ অঞ্চলত এনআৰচি ৰ তথ্য পুনৰীক্ষণৰ কাম আৰম্ভ কৰিছে। ইয়াৰ বাবে মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈয়ে সকলো পদক্ষেপ গ্ৰহণ কৰিছে।

আইন শৃংখলা জনিত যিকোনো পৰিস্থিতিৰ বাবে আৰক্ষীক চোৱাচিতাৰ নিৰ্দেশনা প্ৰদান কৰিছে মহকুমাধিপতিয়ে। লগতে মহকুমাটোৰ পৰা শান্তি পূৰ্ণ ভাৱে শুদ্ধ এনআৰচি ৰ খচৰা যাতে প্ৰকাশ কৰিব পাৰে তাৰ বাবে সকলো পৰ্যবেক্ষক আৰু জনসাধাৰণক সহযোগ কৰিবলৈ আহ্বান জনাইছে ৰঙিয়া মহকুমা প্ৰশাসনে। ইপিনে বিটিএডিৰ বাগছা জিলাৰ অন্তৰ্গত কাউৰবাহা, মাদৈকাটা, ধেপাৰ গাঁও, খন্দিকৰ, ধূলাবড়ী, চেনিমাৰা, বিহাপাৰা কাৱৈমাৰী আদি অঞ্চলতো আজিৰ পৰা গোৰেশ্বৰ ৰাজহ চক্ৰৰ অধীনত এই এনআৰচিৰ পুনঃনিৰীক্ষণৰ কাম ঘৰে ঘৰে গৈ আৰম্ভ কৰা হৈছে।

Related Articles

Leave a Reply

Close