অসম

খুমটাইত মটৰচাইকেলসহ চোৰ  আটক

প্ৰথম খবৰ, খুমটাই: খুমটাই আৰক্ষী চকীৰ এলেকাত বহুদিন ধৰি মটৰচাইকেল চোৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। শেহতীয়াকৈ খুমটাই শাওঁতলী সাপ্তাহিক বজাৰপৰা এখন মটৰচাইকেল  আৰু  খুমটাই পতীয়াপথাৰৰ হেমাংগ গগৈৰ বাসগৃহৰ পৰা এছ ০৫ জে ৬৮১৭ নম্বৰৰ ৰয়েল এনফিল্ড  মটৰচাইকেল খন চোৰে গেৰেজৰপৰা অতি কৌশলেৰে চুৰি কৰিছিল। অৱশেষত  খুমটাই আৰক্ষীয়ে তিতাবৰ আৰক্ষীৰ সহযোগত নিশা  মটৰচাইকেল চোৰ  তিতাবৰ বৰহোলা নাঙল গাঁৱৰ জয়ন্ত চুতীয়াক এখন চুৰি  মটৰচাইকেলসহ আটক কৰিবলৈ সক্ষম হয় ।

চোৰ জয়ন্ত চুতীয়া খুমটাই আৰক্ষী আগত স্বীকাৰ কৰিছে যে, ইয়াৰ পূৰ্বেও  খুমটাই অঞ্চলৰপৰা কেইবাখনো মটৰচাইকেল চোৰ কৰিছিল।  খুমটাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী সাংবাদিক জানিবলৈ দিয়া মতে চোৰ জয়ন্ত চুতীয়াই মটৰচাইকেল চোৰ কৰা সহযোগ কৰা কেইবাজনো সহযোগী নাম ইতিমধ্যে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে আৰু খুমটাই  আৰক্ষীয়ে পৰৰ্ৱতী পৰ্য্যায়ত সহযোগীসকলৰ সন্ধান  অব্যাহত ৰাখিব। বৰ্তমান সময়ত মটৰচাইকেল  চোৰ  জয়ন্ত চুতীয়াক আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে।

Related Articles

Leave a Reply

Close