অসমশীৰ্ষ

ৰেলৱে’ কৰ্মচাৰীৰ ওপৰত এমপ্লইজ ইউনিয়নৰ গুণ্ডাগিৰি

নিউজ ব্যুৰ’, প্ৰথম খবৰ: ৰেলৱে’ কৰ্মচাৰীৰ ওপৰত এমপ্লইজ ইউনিয়নৰ গুণ্ডাগিৰি ৷ সদস্যা ভৰ্তিৰ নামত জোৰ কৰি টকা সংগ্ৰহ কৰে এমপ্লইজ ইউনিয়নে৷ এই অভিযোগ লমডিঙৰ ৰে’ল কৰ্মচাৰীৰ৷

কালি নিশা প্ৰতিমাহৰ হোৱাৰ দৰে লামডিং ৰেলৱে’ৰ অন্যতম ট্ৰেড ইউনিয়ন মজদুৰ ইউনিয়নৰ কাৰ্যনিৰ্বাহক  এখনি সভা অনুষ্ঠিত হৈ যায়৷ সভাখনত কালি লামডিঙত কৰ্মৰত ৮জনকৈ কৰ্মচাৰীয়ে এমপ্লইজ ইউনিয়নৰ এৰি মজদুৰ ইউনিয়নত যোগদান কৰে৷

কালিৰ এই সভাখনতে এক বিস্ফোৰক মন্তব্য কৰে মজদুৰ ইউনিয়নত যোগদান কৰা এগৰাকী লোক পাইলতে৷ বিহাৰৰপৰা আহি লামডিঙৰ ৰে’লৱেত কৰ্মৰত এই কৰ্মচাৰী জনে অভিযোগ তুলি কয় যে, এমপ্লইজ ইউনিয়নে কৰ্মচাৰিসকলৰ ওপৰত অন্যায়ভাৱে দাদাগিৰি চলায় আৰু সদস্য অন্তৰ্ভূক্তিৰ নামত ধন আদায় কৰে৷

Related Articles

Leave a Reply

Close