অসম
সোণাৰিত কেন্দ্ৰীয় চুকাফা দিৱস

সোণাৰিৰপৰা মিতুপৰ্ণ গগৈ, প্ৰথম খবৰ: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত তথা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সোণাৰিত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে চুকাফা দিৱস।
সোণাৰি ভগৱতী প্ৰসাদ বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা কেন্দ্ৰীয় চুকাফা দিৱসৰ পতাকা উত্তোলন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পুতুল দত্তই আৰু স্মৃতি তৰ্পন কৰে কেন্দ্ৰীয় সমিতিৰ সম্পাদক পলাশ চাংমায়ে।